...

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল নগাঁৱৰ ছাত্ৰ প্ৰজ্ঞাত জ্যোতি শইকীয়া

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল নগাঁৱৰ ছাত্ৰ প্ৰজ্ঞাত জ্যোতি শইকীয়া

কাৰাটেত সোনসহ দুটাকৈ পদক

চাইন অন ডেস্ক,২৫মে’:

ধাৰাবাহিক ক্ৰীড়াশৈলীৰে পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম সন্তান ৷ সুদক্ষতাৰে পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে নগাঁও জিলাৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰই ৷ এই ছাত্ৰজন হৈছে জিলাখনৰ বেবেজীয়াৰ সমীপৰ বাংথাইস্থিত চেইন্ট জাষ্টিন নামৰ শিক্ষানুষ্ঠানখনত অধ্যয়নৰত ষষ্ঠ মানৰ ছাত্ৰ তথা চকলাঘাটৰ চাউলখোৱা নিবাসী প্ৰজ্ঞাত জ্যোতি শইকীয়া ৷ আচলতে, নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত মুদৈৰ ভাগিন প্ৰজ্ঞাত জ্যোতিয়ে যোৱা ২৩ মে’ৰ পৰা দুুদিনীয়াকৈ নেপালৰ মেছি নগৰৰ জাপাৰ কাকৰভিটাত নেপাল চিট’-ৰিঅ’ কাৰাটে স্কুলৰ ব্যৱস্থাপনাত তথা নেপাল কাৰাটে ড’ ফেডাৰেচন আৰু নেপাল চিট’-ৰিঅ’ কাৰাটে ড’ এছ’চিয়েছনৰ সহযোগত অনুষ্ঠিত হোৱা দ্বাদশ বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় কাৰাটে ছেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি দুটাকৈ পদক বুটলিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে, প্ৰজ্ঞাত জ্যোতিয়ে উক্ত প্ৰতিযোগিতাখনিৰ কাটাত ল’ৰাৰ ১০-১১ বছৰ শাখাত সোন আৰু কুমিটেত ল’ৰাৰ ত্ৰিশ কেজিৰ শাখাত ব্ৰঞ্জৰ পদক আজুৰি আনে ৷ সৰুৰে পৰা স্কুলীয়া শিক্ষাৰ সমান্তৰালকৈ চিহান পংকজ মুদৈৰ প্ৰশিক্ষণত কাৰাটেত একাগ্ৰতাৰে ব্যস্ত থকা প্ৰজ্ঞাত জ্যোতিয়ে নিজৰ দক্ষতাৰ বলত ইতিপূৰ্বে জিলা আৰু ৰাজ্যিক পৰ্যায়ত কেইবাটাও পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ তদুপৰি বিগত তিটাকৈ বৰ্ষটো নেপালত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় কাৰাটে ছেম্পিয়নশ্বিপত দুটা সোণৰ লগতে দুটাকৈ ৰূপ আৰু ব্ৰঞ্জৰ পদক বুটলি ৰাজ্যবাসী গৌৰাৱাম্বিত কৰিছে ৷ প্ৰজ্ঞাত জ্যোতিৰ এই ঈষণীয় সফলতাই এতিয়া সমগ্ৰ অসমৰ লগতে নগাঁও জিলাবাসীক গৌৰাম্বিত কৰি তোলাৰ বিপৰীতে বিভিন্নজনে উজ্বল ভৱিষ্যতৰ কামনাৰে শুভেচ্ছা জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *