ৰাজেন গোঁহাইৰ পদত্যাগৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ
ৰাজেন গোহাঁইৰ পদত্যাগৰ বিষয়টো সম্পূৰ্ন ব্যক্তিগতঃদিলীপ শইকীয়া
দেশৰ হৈ কাম কৰিব পাৰিব বুলি মই নাভাবো
চাইন অন ডেস্ক:
বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহাইৰ পদত্যাগৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয় যে যোৱা তিনিটা দশকত ৰাজেন গোঁহাইয়ে ভাৰতীয় জনতা পাৰ্টীক বহুত দিলে।ভাৰতীয় জনতা পাৰ্টিয়েও তেওঁক বহুত দিলে।
তেওঁ চাৰিবাৰ সাংসদ হৈ দেশৰ হৈ,ৰাজ্যৰ হৈ কাম কৰিছে।তেওঁৰ লগত আমি বহু সময় আলোচনাত বহিছিলোঁ আৰু তেতিয়া তেওঁ আমাক কৈছিল যে তেওঁ দলত আছে আৰু দলৰ হৈ কাম কৰি যাব।কিন্তু কিয় হঠাৎ তেওঁ এনে কৰিলে আমিও ভাবি আচৰিত হৈছোঁ বুলি সভাপতি দিলীপ শইকীয়াই ডিব্ৰুগড়ত

কিন্তু এতিয়া তেওঁ দেশৰ হৈ কাম কৰিব পাৰিব বুলি মই নাভাবো বুলি তীৰ্যক মন্তব্য কৰি সভাপতি শইকীয়া কয় যে পদত্যাগ কৰাটো ৰাজেন গোহাঁইৰ পদত্যাগৰ বিষয়টো সম্পূৰ্ন ব্যক্তিগত। তাত মতামত নিদিওঁ।কিন্তু,তেওঁ যদি কিবা দলৰ বেয়া দিশ দেখিছিল সেয়া আমাত অৱগত কৰিব লাগিছিল।কাৰণ তেওঁ জ্যেষ্ঠ এজন দলীয় ব্যক্তি। আমি তেওঁতকৈ সৰু গতিকে তেওঁ আমাক কিবা থাকিলে কব লাগিছিল।পৰিয়ালত যেনেকৈ জ্যেষ্ঠ,কণিষ্ঠ থাকে তেনেকৈ এটা দলটো সৰু ডাঙৰ মানুহ মিলি থাকে।আমি সকলো মিলি কাম কৰিব লাগিছিল।যদিহে তেওঁ আমাক বেয়া পাই আঁতৰি গৈছে,সেয়াও আমি সকলোঁ চাব লাগিব।মিলি থকাটো ভাল আছিল কিন্তু আজি তেওঁ আঁতৰি গৈছে বুলি উল্লেখ কৰি পুনৰাই কয় যে তেঁওৰ দলৰ বাহিৰত থাকি দলৰ আলোচনা বেছি কৰিছিল।হয়তো এবছৰ মানৰ পৰাই গোহাঁইয়ে বিভিন্ন স্থানত মেল-মিটিং কৰি থকাৰ খবৰ পাইছিলো।তেতিয়া তেওঁক এই বিলাকৰ পৰা আঁতৰি আহিবলৈ কোৱা হৈছিল।
দলৰ কিবা অজুহাত থাকিলে কোৱা নাছিল।
কিন্তু তেওঁ দলত থাকিও দলৰ বাবে কৰণীয় যি আছিল,পৰামৰ্শ যি আছিল সেয়া একো নকৰিলে।দলৰ মজিয়াত সকলো আলোচনা হব পাৰিলে হয়,সেয়াও নকৰিলে।
আমি সকলো দিশ চাইহে পৰৱৰ্তী সময়ত তেওঁ পদত্যাগ কৰা দিশটোত আনুস্থানিক ভাৱে মন্তব্য প্ৰকাশ কৰিম বুলি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি ডিব্ৰুগড়ত মন্তব্য কৰে।