...

ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ চাৰিখন গুৰুত্বপূৰ্ণ সভা

Spread the love

 

 

ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ চাৰিখন গুৰুত্বপূৰ্ণ সভা

 

 

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণনীতিক লৈ আলোচনা
সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা

 

 

চাইন অন ডেস্ক:

ডিব্ৰুগড়ত অনুষ্ঠিত হয় ৰাজ্যিক বিজেপিৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ সভা।ডিব্ৰুগড় আৰক্ষী চাউনীৰ বহুমুখী উপযোগিতা ভৱনত অনুষ্ঠিত হোৱা বৰ্ধিত বিষয়ববীয়া
সভাৰ লগতে ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটিৰ সভা অনুষ্ঠিত হয়।একেদৰে আগন্তক সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ সন্দৰ্ভতো আলোচনা কৰে সভাত।
সোণোৱাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ সাংগঠনিক সভাত ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া উপস্থিত থাকে।পৰিষদীয় এলেকাৰ ১০খন সাংগঠনিক জিলাৰ অন্তৰ্গত সাংসদ, বিধায়কসকল, জিলা সভাপতি, জিলা প্ৰভাৰী, সহ-প্ৰভাৰী, মণ্ডল সভাপতি সমন্বিতে পদাধিকাৰীসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত প্ৰত্যেক জিলাৰ প্ৰতিনিধিসকলে সোণোৱাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভিন্ন দিশ সামৰি আলোচনাত অংশ লয়।য’ত উপস্থিত থাকে ৰাজ্যিক সভাপতি
দিলীপ শইকীয়া লগতে সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু,হৰিশ দ্বিবেদী, সাধাৰণ সম্পাদক
পল্লৱলোচন দাস, ঋতুপৰ্ণ বৰুৱা,সাধাৰণ সম্পাদক অনুপ বৰ্মন সাধাৰণ সম্পাদক
দ্বিপ্লুৰঞ্জন শৰ্মা,সাধাৰণ সম্পাদক
প্ৰশান্ত ফুকন,বিমল বৰা, ৰঞ্জিত দাস,
যোগেন মহন,পবিত্ৰ মাৰ্ঘেৰিটা,ৰূপেশ গোৱালা,
অশোক সিংহাল,প্ৰাক্তন সভাপতি ভৱেশ কলিতা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা,সাংসদ কামাখ্যা প্ৰসাদ তাচা আদি।আনহাতে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াৰ এখন সভা অনুষ্ঠিত হ’য়। আনহাতে ৰাজ্যিক বিজেপিৰ বৰ্ধিত কাৰ্যনিবাহকত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু। এই চাৰিখন গুৰুত্বপূৰ্ণ সভাত আগন্তক চাৰিমাহত বিজেপিয়ে কৰিবলগীয়া কাম-কাজ সন্দৰ্ভত আলোচনা কৰা হয়। বিশেষকৈ ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ ৰণনীতি তথা পৰিকল্পনাক লৈ আলোচনাত মিলিত হ’ব বৈঠকত। ইতিমধ্যে ৰাজ্যিক বিজেপিৰ ৪২ জনকৈ কাৰ্যনিবাহক বিষয়ববীয়া ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা উপস্থিত হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *