...

বিধায়ক পোণাকন বৰুৱাৰ উপস্থিতিত সহস্ৰাধিকৰ বিজেপিত যোগদান

Spread the love

 

 

বিধায়ক পোণাকন বৰুৱাৰ উপস্থিতিত সহস্ৰাধিকৰ বিজেপিত যোগদান

 

 

কোলাত কেঁচুৱা লৈ এজিপিত যোগদান কৰিবলৈ আহিল শ শ মহিলা

 

 

চাইন অন ডেস্ক:

কোলাত কেঁচুৱা লৈ অসম গণ পৰিষদত যোগদান কৰিবলৈ আহিল শ শ মহিলা। বিজেপিৰ বিধায়ক বিনোদ হাজৰিকাৰ ভেঁটিত কঁপনি তুলি চাবুৱাৰ অগপ বিধায়ক পোণাকন বৰুৱাই লাহোৱালত এক বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত। জাতি-ধৰ্ম-বৰ্ণৰ লোকে স্বতস্ফুতভাৱে ওলাই আহি আঞ্চলিক দলত যোগদান সহস্ৰাধিক পুৰুষ-মহিলাই।

বিজেপি, কংগ্ৰেছৰ লগতে আম আৰ্মী পাৰ্টীৰ বহু নেতা-কৰ্মীয়ে আজি অগপত আনুষ্ঠানিকভাৱে যোগদান কৰে। ইফালে যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক পোণাকন বৰুৱাই কয়, বহুতেই চাবুৱা-লাহোৱাল সমষ্টিত অগপ নিঃশেষ হ’ব বুলি ক’ব খোজে। অগপ সহজতে নিঃশেষ হোৱা দল নহয়। পাবত গজা ৰাজনৈতিক দলটো নহয় অগপ। ৮৫৫ জন শ্বহীদৰ তেজেৰে গঢ়া অসমৰ আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ। অসমৰ ৰাইজেই অগপৰ শক্তিৰ আধাৰ।

ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ছোৱাত লাহোৱাল সমষ্টিত বিলুপ্তি ঘটাবলৈ একাংশই বিচাৰিছিল বুলি উল্লেখ কৰি বিধায়কজনৰ প্ৰচেষ্টাত চাবুৱাৰ সৈতে লাহোৱালক সংযোগ কৰি অস্তিত্ব বৰ্তাই ৰখাত ভূমিকা লোৱাৰ কথা উল্লেখ কৰে। অন্যহাতে ২০২৬ৰ নিৰ্বাচনত চাবুৱা-লাহোৱাল সমষ্টিত অগপৰ প্ৰতীক চিহ্নতে দিব বুলি উল্লেখ কৰি এশ শতাংশ অগপৰ প্ৰাৰ্থীয়ে নিৰ্বাচন খেলাতো নিশ্চিত বুলি উল্লেখ কৰে বিধায়ক পোনাকন বৰুৱাই।

তদুপৰি বিজেপি বিধায়ক বিনোদ হাজৰিকাই চাবুৱা-লাহোৱাল সমষ্টিত এশ শতাংশ বিজেপিৰে প্ৰাৰ্থী লাভ কৰিব বুলি কৰা মন্তব্যৰ সন্দৰ্ভত বিধায়ক বৰুৱাই কয়, প্ৰাৰ্থীত্ব পোৱা-নোপোৱাটো দলে নিৰ্ণয় কৰিব। এতিয়াই কোনেও ক’ব পৰা নাযায়, প্ৰাৰ্থী কোন হ’ব। শীৰ্ষ পৰ্যায়ত দুই দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাৰ পাছতে সিদ্ধান্ত ল’ব পৰা যাব।

উল্লেখযোগ্য যে, আজিৰ এই যোগদান কাৰ্যসূচীত অগপৰ জিলা সভাপতি আদিত্য গোস্বামী, চাহ পৰিষদৰ সভাপতি প্ৰমোদ ভেংমৰা, যুৱ পৰিষদৰ নেতা নৰেশ বৰা, অগপ নেতা পৰাগ বৰুৱা, বিনোদ বুঢ়াগোহাঁইসহ বহু নেতাই উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *