নগৰবেৰাত বাল্যবিৱাহ নাবালিকা কইনা উদ্ধাৰ!
কেবাজনকো আটক
নগৰবেৰা,১৩ আগষ্ট:
নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত নাইটৰ-কল্যাণপুৰত বাল্যবিৱাহৰ বিৰুদ্ধে আৰক্ষীয়ে এক আকস্মিক অভিযান চলায়।গোপন তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত উদ্ধাৰ কৰা হয় কইনাৰূপী এগৰাকী কিশোৰীক। লগতে বিয়াৰ আয়োজনত জড়িত কেইবাজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।গাঁৱখনত বাল্যবিৱাহ চলি থকাৰ খবৰ লাভ কৰি তৎপৰ হৈ পৰে আৰক্ষী আৰু নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰজিৎ দাস, এ এছ আই খলিলুৰ ৰহমান, টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চম্পক কলিতা আৰু মন্দিৰা আৰক্ষী চকীৰ আৰক্ষীয়ে যুটীয়া ভাবে চলায় এই অভিযান।অভিযানত আৰক্ষী বিবাহথলীত উপস্থিত হৈ বাল্যবিৱাহৰ বলি হ’বলৈ ধৰা কিশোৰী গৰাকীক উদ্ধাৰ কৰাৰ লগতে বিয়াৰ বাবে সংগ্ৰহ কৰি ৰখা বিভিন্ন সামগ্ৰীও জব্দ কৰে।এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গৰৈমাৰী বিলৰজানৰ জাহিদুল ইছলাম, শ্বহৰ আলী আৰু কইনা পক্ষৰ নাইটৰ-কল্যাণপুৰৰ আব্দুৰ ৰহিমকো আটক কৰে আৰক্ষীয়ে ।আনহাতে আৰক্ষীৰ উপস্থিতিৰ উমান পাই বিয়াস্থলীৰ পৰা দৰাৰ লগতে দৰা পক্ষৰ কেইবাজনকৈ লোক পলায়ন কৰাৰো অভিযোগ উত্থাপিত হৈছে।আটকাধীন লোকসকলৰ বিৰুদ্ধে নগৰবেৰা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰু তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।