শিক্ষয়িত্ৰীৰ মানসিক নিৰ্যাতন সহিব নোৱাৰি আত্মহননৰ পথ বাছি লোৱা নৱম শ্ৰেণীৰ ছাত্ৰী আইনী সোনোৱালৰ ন্যায়ৰ দাবীত আজি ডিব্ৰুগড়ত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়। লেঙেৰী অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ নেতৃত্বত ডিব্ৰুগড় মহানগৰৰ চৌকিডিঙ্গী চাৰিআলিত এক তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই প্ৰতিবাদী কাৰ্যসূচীত মৃত ছাত্ৰীগৰাকীৰ দুৰ্ভগীয়া পিতৃ-মাতৃয়ে নিজেই অংশগ্ৰহণ কৰি কন্যাৰ ন্যায় বিচাৰি কান্দোনত ভাঙি পৰে। জানিব পৰামতে, ডিব্ৰুগড় জিলাৰ টিংখাঙৰ বামুণবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল গড়পথাৰ গাঁৱৰ নিবাসী প্ৰবিন সোনোৱাল আৰু জয়া সোনোৱালৰ একমাত্ৰ কন্যা আইনী সোনোৱাল। অভিযোগ মতে, উক্ত বিদ্যালয়খনৰ শিক্ষয়িত্ৰী চন্দানী প্ৰধান আৰু বিদ্যালয়খনৰে এজন অভিভাবক ললিত সোনোৱালে বিদ্যালয়তে আইনীক চলাইছিল তীব্ৰ মানসিক নিৰ্যাতন। এই নিৰ্যাতন সহ্য কৰিব নোৱাৰি অৱশেষত আইনীয়ে যোৱা ১৬ জুনত আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল’বলৈ বাধ্য হয়। ঘটনা সংক্ৰান্তত যোৱা ১৭ জুনত বামুণবাৰী আৰক্ষী চকীত ভুক্তভোগী পৰিয়ালৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা হৈছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে, এজাহাৰ দাখিল কৰাৰ দিন পাৰ হৈ যোৱাৰ পিছতো আজি পৰ্যন্ত আৰক্ষীয়ে অভিযুক্ত এজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীৰ এই ৰহস্যজনক নীৰৱতাই এতিয়া ক্ষুব্ধ কৰি তুলিছে স্থানীয় ৰাইজক। ইফালে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত লেঙেৰী অঞ্চলৰ সংগবদ্ধ দল-সংগঠনসমূহ আৰু ভুক্তভোগী পৰিয়ালৰ যৌথ উদ্যোগত ডিব্ৰুগড় জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক এখন স্মাৰক পত্ৰ প্ৰেৰণ প্ৰদান কৰে৷ স্মাৰক পত্ৰখনত উল্লেখ কৰামতে, পৰিয়ালৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত শিক্ষয়িত্ৰী চন্দানী প্ৰধান আৰু অভিভাবক ললিত সোনোৱালক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা আৰু মৃত আইনী সোনোৱালক অতি ক্ষিপ্ৰতাৰে আইনী ন্যায় প্ৰদানৰ সঠিক ব্যৱস্থা গ্ৰহণ কৰা আদি৷ অন্যহাতে প্ৰতিবাদকাৰীসকলে হুংকাৰ দিয়ে যে যদিহে প্ৰশাসনে অতি সোনকালে অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে জিলাখনত আৰু অধিক তীব্র আন্দোলন গঢ়ি তোলা হ’ব।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.