ডিব্ৰুগড়ত প্ৰচাৰৰ বাবে উপস্থিত প্ৰযোজক হেমন্ত কলিতা
অসমীয়া চলচ্চিত্ৰ এক্ম- ৱাই -জেডৰ শুভমুক্তি ২৪ জুলাইত
চাইন অন ডেস্ক,৩জুলাই:
অসমীয়া চলচ্চিত্রৰ এছাটি সজীৱ বতাহে চুই গৈছে ডিব্ৰুগড় চহৰক। গভীৰ সংকট, দৰ্শকৰ অভাৱত ছবি গৃহসমূহ শূন্য হৈ পৰা এই ছবি উদ্যোগটিৰ বাবে এটি সু-খবৰ। অসমৰ ভিন্ন প্ৰান্তত অসমীয়া চলচ্চিত্ৰ প্ৰচাৰ – প্ৰসাৰৰ বাবে ৰাইজক সজাগ কৰিবলৈ প্ৰয়াস কৰিছে এক্ম- ৱাই জেড ৰ প্রযোজক গোষ্ঠীয়ে।
সাম্প্রতিক সময়ত অসমীয়া চিনেমাৰ অৱস্থা কেৱল সলনি হোৱাই নহয়, বৰঞ্চ ই এক ইতিবাচক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে দৰ্শকৰ । ব্যস্ততাপূর্ণ আধুনিক সমাজ জীৱন এক বাস্তবমুখী তথা ৰাজনৈতিক পটভূমিৰে ভৰপূৰ কাহিনীৰে মুক্তিৰ বাবে সাজু হৈছে নতুন অসমীয়া পূর্ণদৈর্য্যৰ চলচ্চিত্র এক্ম,ৱাই জেড। ডিব্রুগড়ৰ বিভিন্ন স্থানত চলচ্চিত্ৰখনৰ বিষয়ে প্ৰচাৰ বাবে আহি উপস্থিত হৈ চলচ্চিত্ৰখনৰ প্ৰযোজক হেমন্ত কলিতাৰ লগতে চলচ্চিত্ৰখনৰ লগত জড়িত শিল্পী তথা কলা কুশলী সকলে ছবিখনৰ মুক্তিৰ দিন ডিব্ৰুগড়ত অনুষ্ঠানিক ভাবে ঘোষণা কৰে আৰু সেইমতে অহা ২৪ জুলাইত চলচ্চিত্ৰখন ৰাজ্যৰ সকলোবোৰ ছবিগৃহত প্রদর্শিত হ’ব বুলি জানিব পৰা হৈছে। ‘ৰিডম ক্ৰিয়েচন’ৰ বেনাৰত নির্মিত মূলতঃ হাস্যৰসৰ সমান্তৰালভাৱে ছবিখনৰ যোগেৰে সমাজলৈ এক শক্তিশালী বার্তা আগবঢ়োৱা হৈছে। ছবিখনৰ ইতিমধ্যে ‘ফার্স্ট লুক’ আৰু অফিচিয়েল পোষ্টাৰ মুকলি কৰি দিয়া হৈছে, যিয়ে চলচ্চিত্রপ্রেমীৰ মাজত ব্যাপক চর্চা লাভকৰা দেখা গৈছে। পৰিয়ালৰ
সকলোৰে বাবে উপভোগ্য এক্স- ৱাই -জেড ছবিখন চলিত বৰ্ষৰ ২৪ জুলাইত সমগ্র অসমৰ চিত্রগৃহত মুক্তি লাভ কৰিব। উল্লেখ্য যে হিমাংশু প্রসাদ দাসৰ পূৰ্বৰ ছবিসমূহৰ নিচিনাকৈ এইখন ছবিও মুক্তিৰ লগে লগে অসমৰ চলচ্চিত্র প্রেমীয়ে আঁকোৱালি ল’ব বুলি প্রযোজনা গোষ্ঠী আশাবাদী।গান আৰু ধেমালীয়ে পৰিয়ালৰ সকলোৱে একে লগে উপভোগ কৰিব পৰা ছবিখনৰ কাহিনী- আশ্বিক জামান- চিত্রনাট্য আৰু সংলাপ পৰিচালনাৰ দায়িত্বত আছে, চাংকু নিৰঞ্জন নাথ ,ছাহজাহান, মহর্ষি তুহিন কাশ্যপ, হিমাংশু প্রসাদ দাসে। সহঃ প্রযোজনা নিয়ন্ত্রক মৃগেন দাস,সাজ-সজ্জা নৱনীতা গগৈ, ৰূপ সজ্জা- নির্মালি কাশ্যপ, পোষ্টাৰ -সমুদ্ৰ, কাজল শইকীয়া, চিত্ৰগ্ৰহণকাৰী -অনিৰুদ্ধ বৰুৱা, সম্পাদনা হার্দিক কাশ্যপ ,সংগীত -চন্দন দাস, শব্দ ব্যৱস্থাপনা-অৰ্ণৱ বৰা, ৰং সংমিশ্রণ- ধনজিৎ দাস, ভি-এফ-এক্স -অভিজিৎ সন্দিকৈ। মুখ্য সহকাৰী- পৰিচালক-গৌৰৱ জ্যোতি দাস, কলা নিৰ্দেশনা- ৰূপজ্যোতি মহন্ত, প্রযোজনা- নিয়ন্ত্রণ নিৰঞ্জন শৰ্মাৰ।অভিনয়ত- সিদ্ধার্থ শৰ্মা, ভবেশ বৰুৱা, উপকুল বৰদলৈ, অসীম কৃষ্ণ বৰুৱা, অপূর্ব বর্মন, ৰূপম জ্যোতি দাস,প্রণামী বৰা,পল্লৱী ফুকন, পূৰ্ণদা হাজৰিকা, হৃদয় সৌৰভ, অলিম্পী শ্ৰেয়ম গগৈ, প্ৰেয়সী বৰা আৰু চন্দল দাস। ছবিখন পৰিচালনা কৰিছে হিমাংগু প্ৰসাদ দাসে। দর্শকে ছবিখনত লাভ কৰিব এক সুন্দৰ ৰহস্যঘন সোৱাদ। পূৰ্ণদৈর্ঘ্যৰ এই ছবিখনৰ দৃশ্যগ্রহণ কৰিছে অসমৰ ভিন্ন প্ৰান্তৰ উপকণ্ঠ অঞ্চলত। প্রায় শিল্পীয়েই নতুন মুখৰ সৈতে জড়িত ছবিখনৰ কলা-কুশলীসকলে তেওঁলোকৰ ন-শিকাৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰি দৰ্শকৰ পৰা ইতিবাচক সমালোচনা লগতে -সমগ্ৰ অসমবাসীয়ে ছবিখন আদৰি ল’ব বুলি আশা প্ৰকাশ কৰিছে ।
Like this:
Like Loading...