...

গহপুৰৰ চত্ৰঙত দলং নিৰ্মাণ হব নে ?

গহপুৰৰ চত্ৰঙত দলং নিৰ্মাণ হব নে ?

 

মৰণক শৰণ দি যাত্ৰা দুৰ্ভগীয়া ৰাইজৰ

গহপুৰ,২৫ জুন:

গহপুৰ সমজিলাৰ উত্তৰাঞ্চলৰ এটা অঞ্চলৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি ভূগি আহিছে চৰম দুৰ্ভোগ। একৈশ শতিকাৰ দ্বিতীয়টো দশকতো দলং বিচাৰি বছৰৰ পিছত বছৰ ধৰি হাহাকাৰ কৰিবলগীয়া হৈছে গহপুৰ সমজিলাৰ উত্তৰাঞ্চলৰ নতুন চত্ৰং গাঁৱৰ খাটিখোৱা শ শ লোকে।পাহাৰীয়া খৰস্ৰোতা নৈ চত্ৰঙৰ ওপৰত এখন দলং নথকাৰ বাবে নতুন চত্ৰং বাসীয়ে এইদৰে নদীৰ বুকুৰ মাজেৰে পানী ফালি প্ৰতিদিনে যাতায়াত কৰিব লগা হয়।
খৰালীৰ সময় বিশেষ অসুবিধা নহয় যদিও বাৰিষা হোৱাৰ লগে লগে অঞ্চলবাসী যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হোৱাৰ লগতে অতি বিপজ্জনক হৈ পৰে যাতায়ত ব্যৱস্থা।কাৰণ অৰুনাচল প্ৰদেশৰ পাহাৰত এজাক বৰষুণ দিলেই ফেনে ফুটুকাৰে বাঢ়ি অহা চত্ৰং নৈৰ প্ৰৱল সোঁতে নতুন চত্ৰং বাসী ৰাইজৰ যাতায়ত ব্যাহত কৰি পেলায়।চৰকাৰ আহে আৰু চৰকাৰ যায়, কিন্তু নতুন চত্ৰংবাসী ৰাইজৰ যাতায়াতৰ সমস্যা সমস্যা হিচাপেই থাকি যায়। চৰকাৰ তথা জনপ্ৰতিনিধিৰ চুড়ান্ত হেমাহি আৰু অৱহেলাৰ বাবেই প্ৰতিটো বাৰিষাতে নতুন চত্ৰং বাসী ৰাইজে চত্ৰং নৈৰ বুকুৰে মনৰত শৰণ দি যাতায়াত কৰি থাকিব লগা হৈছে।

পৰিৱৰ্তনকামী চৰকাৰৰ দিনটো উন্নয়নৰ মুখ দেখিবলৈ সক্ষম নোহোৱা নতুন চত্ৰংবাসী ৰাইজে অসমৰ গণমুখী মুখ্যমন্ত্ৰী সু দৃষ্টি প্ৰদানৰ বাবে আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *