...

এটা ছাগলী! তাৰ পাছত প্ৰচণ্ড মাৰপিট

Spread the love

 

 

এটা ছাগলী! তাৰ পাছত প্ৰচণ্ড মাৰপিট

 

 

মাতৃ সহ আহত দুই পুত্ৰ

 

 

নগৰবেৰা:

এটা ছাগলীক কেন্দ্ৰ কৰি সংঘটিত ভয়ংকৰ মাৰপিটত আহত হয় মাতৃ সহ দুই পুত্ৰ |এঘৰৰ ছাগলী প্ৰতিবেশী আন এঘৰৰ চোতাললৈ যোৱাক লৈ গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে মাতৃ সহ দুই পুত্ৰক |বৰপেটাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত সুখোৱাৰঝাৰত দুই পৰিয়ালৰ মাজত সংঘটিত হয় ভয়ানক মাৰপিট।উক্ত মাৰপিটত পুৰুষ মহিলা সহ তিনিজনকৈ লোক আহত হয়।ক্ৰমে ছবিৰণ নেছা (মাতৃ) ৰবিউল হক (পুত্ৰ)ৰুহুল আমিন (পুত্ৰ)এই তিনিও আহত হৈ চিকিৎসাধীন হব লগাত পৰে।ছবিৰণ নেছাৰ পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি ক্ৰমে চৰবত আলী,অছিৰণ নেছা আৰু স্বৰভানু নেছাৰ মাৰত আহত হয় তিনিওজন।ছবিৰণ নেছাৰ পৰিয়ালৰ ছাগলী চৰবত আলীৰ ঘৰত যোৱাৰ বাবে এই ভয়াবহ মাৰপিট ঘটনা সংঘটিত হয়।আহত সকলক স্থানীয় লোকে আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় আৰু ভুক্তভোগী পক্ষই ন্যায় বিচাৰি আৰক্ষীত এজাহাৰ দাখিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *