বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে ৰাইজক
বিধায়কক তাৎক্ষণিক ব্যৱস্থাৰ দাবী ৰাইজৰ
নগৰবেৰা,৩ছেপ্তেম্বৰ:
কামৰূপৰ ছমৰীয়া সমষ্টিৰ ৰঙ্গেশ্বৰী পাম গাঁৱৰ পৰা টুপামাৰী বজাৰলৈ যোৱা পথৰ বিধ্বস্ত অৱস্থাই ৰাইজক যাতায়তৰ নামত নৰকযন্ত্ৰণা ভোগাই আহিছে। অতিকে গুৰুত্বপূৰ্ণ
পথছোৱাৰ ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাৰ লগতে আন একাংশত বোকাময় পৰিৱেশৰ সৃষ্টি হোৱাত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে।স্বাধীনতাৰ ৮০ বছৰ অতিক্ৰম কৰাৰ পাছতো নৱগঠিত ছমৰীয়া সমষ্টিৰ 