...

পদপথ দখল, সুৰক্ষা ৰেলিং ভাঙি ৰাজহুৱা সম্পত্তি ধ্বংস বণিক গোষ্ঠীৰ!

পদপথ দখল, সুৰক্ষা ৰেলিং ভাঙি ৰাজহুৱা সম্পত্তি ধ্বংস বণিক গোষ্ঠীৰ!

ডিব্ৰুগড়ৰ মাৰোৱাৰিপট্টীত একাংশ অসাধু ব্যৱসায়ীৰ দৌৰাত্ম্যত ক্ষুব্ধ ৰাইজ

চাইন অন ডেস্ক,১৩ জুন:

ডিব্ৰুগড় চহৰৰ অন্যতম ব্যস্ত বাণিজ্যিক কেন্দ্ৰ মাৰোৱাৰিপট্টীত একাংশ অসাধু ব্যৱসায়ীৰ বেপৰোৱা কাৰ্যকলাপে এতিয়া মহানগৰবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নিজৰ ব্যৱসায়িক স্বাৰ্থ পূৰণৰ বাবে ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ লগতে পদপথ দখল কৰি পথচাৰীৰ অধিকাৰ খৰ্ব কৰাৰ গুৰুতৰ অভিযোগ উঠিছে একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, পথচাৰীৰ সুৰক্ষাৰ বাবে চৰকাৰী ধনেৰে নিৰ্মাণ কৰা লোহাৰ সুৰক্ষা ৰেলিং ইচ্ছাকৃতভাৱে ভাঙি পেলোৱা হৈছে। কেৱল সেয়াই নহয়, ভাঙি পেলোৱা স্থানসমূহক বাহন ৰখোৱা আৰু মাল-বস্তু উঠা-নমাৰ ব্যক্তিগত কেন্দ্ৰত পৰিণত কৰা হৈছে। ফলত ৰাজহুৱা সম্পত্তিক একপ্ৰকাৰ ব্যক্তিগত সম্পত্তি হিচাপে ব্যৱহাৰ কৰাৰ ছবি স্পষ্ট হৈ পৰিছে।
সুৰক্ষা ৰেলিং ভাঙি পেলোৱাৰ ফলত পদপথৰ অস্তিত্বই সংকটৰ সন্মুখীন হৈছে। পদপথ ব্যৱহাৰ কৰিব নোৱাৰি বহু পথচাৰী ব্যস্ত মূল পথেদি (AT ROAD) অহা-যোৱা কৰিবলৈ বাধ্য হৈছে। যিকোনো সময়তে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা বৃদ্ধি পোৱাৰ লগতে বিদ্যালয়গামী ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক আৰু মহিলাসকলেও দৈনিক বিপদসংকুল পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে। ইফালে, লোড-আনলোডৰ নামত পদপথ আৰু পথৰ কাষত অবাধে আৱৰ্জনা পেলোৱাৰ ফলত মাৰোৱাৰিপট্টীৰ পৰিবেশ অতি কদৰ্যম হৈ পৰিছে। ডিব্ৰুগড়ৰ বাণিজ্যিক কেন্দ্ৰ বুলি পৰিচিত এই অঞ্চলত এনে বিশৃংখল পৰিস্থিতিয়ে মহানগৰখনৰ সৌন্দৰ্য, পৰিচ্ছন্নতা আৰু শৃংখলাবদ্ধ নগৰ ব্যৱস্থাপনাক লৈও ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে।
স্থানীয় ৰাইজৰ অভিযোগ, বহুদিন ধৰি চলি অহা এই অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে সংশ্লিষ্ট কৰ্তৃপক্ষৰ কোনো দৃশ্যমান পদক্ষেপ পৰিলক্ষিত হোৱা নাই। ফলত একাংশ অসাধু ব্যৱসায়ীয়ে অধিক সাহসী হৈ ৰাজহুৱা সম্পত্তিৰ ওপৰত চলাই গৈছে ইচ্ছামতে অত্যাচাৰ। ঘটনাটোৰ সম্পূৰ্ণ তদন্ত কৰি দোষীসকলৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ, ক্ষতিগ্ৰস্ত সুৰক্ষা ৰেলিংসমূহ তাৎক্ষণিকভাৱে পুনৰ স্থাপন আৰু পদপথসমূহ দখলমুক্ত কৰাৰ দাবী জনাইছে সচেতন নাগৰিক সমাজে। অন্যথা, এই অবৈধ দখল আৰু ৰাজহুৱা সম্পত্তি ধ্বংসৰ সংস্কৃতিয়ে ডিব্ৰুগড় মহানগৰৰ নাগৰিক জীৱন আৰু নগৰীয়া শৃংখলাক অধিক বিপৰ্যস্ত কৰি তুলিব বুলি আশংকা প্ৰকাশ কৰিছে ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *