...

মাঘেৰিটাৰ নিচামুক্তি কেন্দ্ৰত অঘটন:এজন যুৱকৰ মৃত্যু

Spread the love

মাঘেৰিটাৰ নিচামুক্তি কেন্দ্ৰত অঘটন:এজন যুৱকৰ মৃত্যু

 

যুৱকজন ডিব্ৰুগড় লাহোৱালৰ ডেভিড ফুকন

 

চাইন অন ডেস্ক:

পুনৰ সংঘটিত হৈছে নিচামুক্তি কেন্দ্ৰত অঘটন। ঘটনাৰ স্থান মাৰ্ঘেৰিটা। বৰগোলাইস্থিত নিউ লাইভ ফাউণ্ডেশ্যন নামৰ নিচামুক্তি কেন্দ্ৰত ৰহস্যজনক ভাৱে কালি মৃত্যু হয় এজন যুৱকৰ। যুৱকজন ডিব্ৰুগড় লাহোৱালৰ ডেভিড ফুকন (৩৫) বুলি জানিব পৰা গৈছে।

এবছৰৰ পূৰ্বে যুৱকজনক ভৰ্তি কৰোৱা হৈছিল নিচামুক্তি কেন্দ্ৰটোত । পৰহিৰ নিশা হঠাৎ ৰহস্যজনক ভাৱে মৃত্যু হয় যুৱকজনৰ। এতিয়ালৈ স্পষ্ট হোৱা নাই যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ।

কিন্তু পিতৃ তথা পৰিয়ালৰ অভিযোগ অনুসৰি মাৰ্ঘেৰিটাৰ বহু বিতৰ্কত যুৱক ৰূপম গগৈ মালিকানাধীন বৰগোলাইস্থিত নিউ লাইভ ফাউণ্ডেশ্যন নামৰ নিচামুক্তি কেন্দ্ৰতেই মৃত্যু হয় যুৱকজনৰ। প্ৰাপ্ত অভিযোগ অনুসৰি কোনো ধৰণৰ প্ৰাথমিক চিকিৎসা নকৰাকৈয়ে কেন্দ্ৰটোৰ কতৃপক্ষই মৃত যুৱকজনক নিজ গৃহলৈ প্ৰেৰনৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে।

নিচাসক্ত যুৱকক নিচাৰপৰা পৰিত্ৰান পাবৰ বাবে নিচামুক্তি কেন্দ্ৰটোত অভিভাৱক সকলে পঠোৱাৰ পাছত একাংশই নিচামুক্তি কেন্দ্ৰটোত যুৱক সকলক মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা কথা অভিযোগ কৰিছে পৰিয়ালৰ সদস্য সকলে।

সমগ্ৰ ঘটনা ইতিমধ্য মাৰ্ঘেৰিটা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মৃতদেহ মাৰ্ঘেৰিটা আৰক্ষীয়ে মৰোণোত্তৰ পৰিক্ষাৰ ব্যৱস্থা কৰিছে । সমান্তৰালকৈ পলাতক অৱস্থাত আছে কেন্দ্ৰটোৰ স্বতাধিকাৰী ৰূপম গগৈ। উল্লেখ যে ইতিপূৰ্বেই বহুকেইজন যুৱক উক্ত নিচামুক্তিকেন্দ্ৰটোত মৃত্যু বৰণৰ ঘটনা সংঘটিত হৈছে যদিওঁ বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ কঠোৰ ব্যৱস্থা হাতত নোলোৱাৰ ফলতেই এইদৰে চিকিৎসাগ্ৰহণ কৰিবলৈ অহা যুৱক সকলৰ কৰুণ মৃত্যু ঘটনা সংঘটিত হৈছে বুলি স্থানীয় সচেতন মহলে অভিযোগ কৰিছে।

অন্যহাতে অতি অস্বাস্থ্যকৰ পৰিৱেশত এই নিচামুক্তিকেন্দ্ৰটো পৰিচালনা কৰি অহাৰো অভিযোগ দীৰ্ঘদিনীয়া। এইক্ষেত্ৰত মহকুমা প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে সচেতন মহলে। অনাগত দিনত এইক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা প্ৰশাসন গ্ৰহণ কৰে সেইয়া লক্ষনীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *