...

ডকমকাত নামনি অসম তেলী চাহু সমাজৰ সংবাদমেল

Spread the love

ডকমকাত নামনি অসম তেলী চাহু সমাজৰ সংবাদমেল

গৰজি উঠিল আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ বিৰুদ্ধে

বোকাজান

কাৰ্বি আংলং জিলাত ডকমকাৰ তেলীবস্তীৰ দূৰ্গা মন্দিৰৰ প্ৰাংগণত তেলী চাহু সমাজৰ এখনি সংবাদমেল সম্বোধন কৰা হয় । উক্ত সংবাদমেলত যোৱা ২৭ অক্টোবৰ তাৰিখে নামবৰ নদী চাহ বাগানৰ মিনি ষ্টেডিয়ামত অনুস্থিত হোৱা আদিবাসী ছাত্ৰ সন্থাৰ এখনি বিশাল গণসভাত আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা’ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজান হৰ’য়ে তেলী সমাজক বিহাৰী সম্প্ৰদায়ৰ লোক বুলি উপলুঙা মন্তব্য প্ৰদান কৰিছিল, সেই মন্তব্যৰ বিৰোধিতা কৰি আজি তেলী চাহু সমাজে ডকমকাৰ তেলীবস্তীৰ দূৰ্গা মন্দিৰৰ প্ৰাংগণত এখনি সংবাদমেল অনুষ্ঠিত কৰি আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি গৰাকীৰ বিৰোধ্যে গৰজি উঠে । উক্ত সংবাদমেলত উপস্থিত থাকে নামনি অসম তেলী চাহু সমিতিৰ সহ-সম্পাদক কৈলাশ চাহু, আছা’ৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক চেনলাল চাহু, আছা’ৰ ডকমকা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক সুখীৰাম চাহু আৰু ডকমকা তেলী চাহু সমাজৰ আঞ্চলিক সমিতিৰ সভানেত্ৰী উমা চাহুৰ লগতে তেলীবস্তীৰ স্থানীয় ৰাইজ উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *