...

ডিব্ৰুগড় জিলা আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতা সম্পন্ন

Spread the love

 

ডিব্ৰুগড় জিলা আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতা সম্পন্ন

 

কেইবা শতাধিক খেলুৱৈ অংশগ্ৰহণ

 

চাইন অন ডেস্ক:

অসম অলিম্পিক সন্থাৰ স্বকৃতি প্ৰাপ্ত সদৌ অসম কাৰাটে সন্থাৰ তত্ত্বাৱধানত ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ সৌজন্যত আৰু বকপৰা চটকান কাৰাটে একাডেমিৰ সহযোগত বকপৰা ইন্ডৰ ষ্টডিয়ামত ডিব্ৰুগড় জিলা আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতাখনি অনুষ্ঠিত হয়৷ প্ৰতিযোগিতাত জিলা কাৰাটে সন্থাৰ অন্তগত ১৭ টা কাৰাটে একাডেমিৰ তিনি শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে৷ সভাপতি নিৰেণ ফুকন পতাকা উত্তোলনেৰে আৰম্ভ হোৱা উক্ত প্ৰতিযোগিতাত জিলা কাৰাটে সন্থাৰ প্ৰত্যেকটো একাডেমিৰ সভাপতি সম্পাদকসকলে নিজ নিজ পতাকা উত্তোলন কৰে৷

বন্তি প্ৰজ্বলন কৰে জিলা সন্থাৰ অধ্যক্ষ ধৰ্মেন্দ্ৰ দুবৰাই৷ সাধাৰণ সম্পাদক অঞ্জন চেতিয়াই আঁত ধৰা অনুষ্ঠানটিত বহুমূলীয়া বক্তব্যৰে খেলুৱৈ তথা আয়োজক সকলক উৎসাহিত কৰে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকন, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলাৰ সহকাৰী আয়ুক্ত তথা ৰাষ্ট্ৰীয় কাৰাটেকাৰ ৰিমা তৃষ্ণা হালৈ, শ্ৰী শ্ৰী অনিৰূদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পঙ্কজ বৰঠাকুৰ, অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক নিৰঞ্জন শইকীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া বিষয়া ড০ দ্বীপজ্যোতি গগৈকে প্ৰমোখ্য কৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকি খেলুৱৈ সকলক উৎসাহিত কৰে।

খেলখনি সফলভাবে সমাপ্ত কৰাত সহায় সহযোগিতা আগবঢ়োৱা জিলা কাৰাটে সন্থাৰ সমুহ বিষয়ববীয়া, সদস্যসকল, প্ৰত্যেকটো একাডেমিৰ প্ৰশিক্ষক আৰু খেলুৱৈসকল, সদৌ অসম কাৰাটে সন্থাৰ সভাপতিকে প্ৰমোখ্য কৰি সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰী আৰু বিষয়ববীয়াসকল, খেল পৰিচালক, বিচাৰকসকল অভিভাৱক আৰু শুভাকাংক্ষীসকল জিলা কাৰাটে সন্থাই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়৷

সুন্দৰ আয়োজনৰ বাবে ৰাইজে ডিব্ৰুগড় জিলা কাৰাটে ড সন্থা আৰু বকপৰা চটকান কাৰাটে একাডেমিক ভুয়সী প্ৰশংসা কৰে৷ শলাগৰ শৰাইত জিলা সন্থাৰ সাধাৰণ সম্পাদক অঞ্জন চেতিয়াই আয়োজক সমিতিৰ সভাপতি হীৰা কান্ত মেচ,সম্পাদক কিশোৰ গগৈকে প্ৰমুখ্য কৰি বিষয়ববীয়া সকলে,উপস্থিত বিশিষ্ট অতিথিসকল, জিলা কাৰাটে সন্হাৰ বিষয়ববীয়া সকল, অভিভাৱক অভিভাবিকা সকলৰ লগতে খেলুৱৈসকলক ধন্যবাদ জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *