...

চাৰিদুৱাৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত সভা কক্ষ মুকলি বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

চাৰিদুৱাৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত সভা কক্ষ মুকলি বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

” বন ,বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে কোনো আপোচ নকৰে “– বন মন্ত্ৰী

 

বালিপৰা,৭আগষ্ট:

” বন আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে কোনো আপোচ নকৰে । বেদখলকাৰীৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা বিবেচনা অনুযায়ী গ্ৰহণ কৰা হ’ব । অসমৰ বনাঞ্চলৰ সীমাৰেখা আদি বৃদ্ধি কৰিবই লাগিব তেতিয়াহে হস্তী-মানৱৰ সংঘাত হ্ৰাস কৰিব পৰা যাব । শোণিতপুৰত বিভিন্ন কাৰণত হস্তী-মানৱৰ সংঘাতে চমৰ ৰূপ ধাৰণ কৰিছে । নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাঁথনিৰ অধিক বিকাশৰ বাবে আমি সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিম । নামেৰীত উপস্থিত হৈ নামেৰীৰ সাম্প্ৰতিক অৱস্থা,আন্তঃগাঁথনি, সম্ভাৱনীয়তা , বিকাশৰ বিকাশ বুজ লৈ ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে । নামেৰী বন , বন্যপ্ৰাণী আৰু পৰ্যটনৰ মাজত এক সুস্থ সমন্বয় স্থাপন কৰি নামেৰীক আগবঢ়াই নিবলৈ আমি সংকল্পৱদ্ধ । ” শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰস্থিত জগতবিখ্যাত নামেৰী ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ বনবিভাগৰচিলভাৰ জুবিলী সভা কক্ষ এটা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি অসম চৰকাৰৰ বন আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই ভাষ্য আগবঢ়াইছে । মন্ত্ৰীগৰাকীয়ে সভাকক্ষটো মুকলি কৰি নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু বনবিভাগৰ বিষয়াৰ সৈতেও মত-বিনিময় কৰি উদ্যানখনৰ বিকাশৰ পৰ্যালোচনা কৰাৰ লগতে ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰে । তাৰোপৰি বনমন্ত্ৰীগৰাকীয়ে বনকৰ্মী আৰু বনবিষয়াসকলৰ কৰ্তব্যৰ সময়ৰ লাগতিয়াল কিছু সামগ্ৰীও বিতৰণ কৰে । বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে উদ্যান এলেকাৰ চাৰিখনকৈ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক নিযুক্ত পত্ৰ আৰু ইক’ ডেভেলপমেন্ট কমিটিক সামগ্ৰী বিতৰণ কৰে । অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ন হাজৰিকা, চাৰিদুৱাৰ জিলা পৰিষদৰ সদস্যা মিনু শইকীয়া তামুলী, জিলা বিজেপিৰ সভানেত্ৰী মধুস্মিতা হাজৰিকা, বিজেপি যুৱ নেতা হিৰণ্য ভূঞা,
নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বনবিষয়াসহ জিলা বনবিভাগৰ বিষয়া,

Leave a Reply

Your email address will not be published. Required fields are marked *