...

আশাৰ খবৰ কঢ়িয়াই আনিছে ঢকুৱাখনাৰ মুগাপালকে

আশাৰ খবৰ কঢ়িয়াই আনিছে ঢকুৱাখনাৰ মুগাপালকে

উৎপাদন বৃদ্ধি বিশ্ববাসীৰ আশ্চৰ্য আৰু কৌতুহলৰ কেন্দ্রবিন্দু মুগাৰ

২০২৪-২৫ বৰ্ষত মুগাৰ পৰা উপাৰ্জন প্ৰায় ৩৫০ কোটি টকা

পুলকজ্যোতি বৰা,ঢকুৱাখনা,১৪ মে’:

সোনালী সূতাৰ দেশ অসম।অসমৰ মুগা শিল্পই বহন কৰি আহিছে অসমীয়াৰ স্বাভিমান আৰু ঐতিহ্য।আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত মুগা শিল্পই বিশেষ সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।বিশ্বৰ ভিতৰতে কেৱল অসমতেই সৰ্বাধিক মুগা উৎপাদন হয়।
মুগা উদ্যোগ অসমৰ বাবে কেৱল আৰ্থিক স্বাৱলম্বিতা নহয়, বৰঞ্চ সাংস্কৃতিক ঐতিহ্যও।ৰাজ্যৰ প্ৰায় ৪০ হাজাৰ পৰিয়াল জড়িত হৈ আছে মুগা শিল্পৰ সৈতে।মুগা অসম আৰু অসমীয়াৰ বাবে এক উদ্যোগ বা জীৱিকাৰ উৎসই নহয় ই অসমৰ সমাজ আৰু সাংস্কৃতিক জীৱনতো যথেষ্ট বৰঙনি আগবঢ়াই আহিছে।বৰ্তমান আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত মুগা শিল্পই বিশেষ সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।লগতে মুগাৰ পৰা উৎপাদিত সোণালী সুতাৰে প্ৰস্তুত কৰা কাপোৰ কেৱল দেশৰ বজাৰতে নহয় বিদেশতো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।অসমৰ চাহিদা অনুসৰি সুখদায়ক নহয় পাট-মুগা সূতাৰ উৎপাদন ৷ এতিয়াও পাট-মুগাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’ব পৰা নাই অসম। সম্প্রতি জলবায়ুৰ পৰিৱৰ্তনে বিশ্ববাসীৰ আশ্চৰ্য আৰু কৌতুহলৰ কেন্দ্রবিন্দু এই মুগা শিল্পলৈ কঢ়িয়াইছে ভাবুকি কঢ়িয়াই আনিছে।কিন্তু, এনে নিৰাশাজনক পৰিৱেশৰ মাজতেই এক আশাৰ খবৰ কঢ়িয়াই আনিছে ঢকুৱাখনাৰ মুগা পালকে।বৃহৎ প্ৰত্যাহ্বানৰ মাজেৰেই ঢকুৱাখনাৰ মুগা পালকে ৰাজ্যৰ ৰেচম শিল্পৰ ভেঁটি টনকিয়াল কৰি তুলিবলৈ সক্ষম হৈছে।উল্লেখ্য যে,বিশ্ববিখ্যাত মুগা উৎপাদনৰ অভিকেন্দ্ৰ হৈছে ঢকুৱাখনা।
ঢকুৱাখনাৰ শ-শ পৰিয়ালে অতীজৰে পৰা মুগা পালনত জড়িত হৈ নিজকে স্বাৱলম্বী কৰি তোলাই নহয় টনকিয়াল কৰিছে আহিছে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি।
ঢকুৱাখনাৰ প্ৰায় ১৫ হাজাৰ লোক জড়িত হৈ আছে মুগা পালনত।ৰাজ্যৰ ভিতৰতে প্ৰায় ৮০ শতাংশ মুগা উৎপাদনেৰে ঢকুৱাখনাই একচেটীয়া স্থান দখল কৰি আহিছে।মুগা উৎপাদন বৃদ্ধিৰ আঁৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে ঢকুৱাখনাৰ মুগাপালকে।চৰকাৰী পৰিসংখ্যা মতে, অসমত ২০২২-২৩বৰ্ষত ২০০ মেট্ৰিক টন,২০২৩-২৪ বৰ্ষত ২০২ মেট্ৰিক টন মুগা উৎপাদন হৈছিল।কিন্ত ইয়াৰ বিপৰীতে ২০২৪-২৫ বৰ্ষত ২২০মেট্ৰিক টনলৈ মুগা উৎপাদন বৃদ্ধি পায়।২০২৪-২৫ বৰ্ষত অসমে মুগাৰ পৰাই প্ৰায় ৩৫০ কোটি টকা অৰ্জন কৰিবলৈ সক্ষম হয়।ৰেচম বিভাগৰ তথ্য অনুসৰি – ঢকুৱাখনাৰ মুঠ ৫,৬৩০ টা পৰিয়াল মুগা শিল্পৰ সৈতে জড়িত হৈ আছে।
ঢকুৱাখনাৰ এইসকল মুগা পালকে
মুগাৰ পৰা উৎপাদিত সোণালী সুতাৰে প্ৰস্তুত কৰা কাপোৰে কেৱল দেশৰ বজাৰতে নহয় বিদেশতো বজাৰ দখল কৰি ৰেচম শিল্পৰ গৌৰৱ বৃদ্ধি কৰিছে।বহু জটিলতা আৰু বৃহৎ প্ৰত্যাহ্বানৰ মাজেৰেই মুগাপালনত জড়িত হৈ ঢকুৱাখনাৰ লগতে সমগ্ৰ অসমক সোনালী সূতাৰে জিলিকাই ৰখা এইসক মুগা পালকে আজিলৈকে বিভাগৰ পৰা লাভ কৰা নাই তিলমানো সহায়-সহযোগিতা। ৰাজ্যখনৰ অৰ্থনৈতিক ক্ষেত্ৰখনত প্ৰচুৰ সম্ভাৱনা থকা মুগাশিল্পক জীয়াই ৰখা এইসকল মুগাপালকক চৰকাৰ অথবা ৰাজ্যেৰ ৰেচম বিভাগে বিভাগীয়ভাবে সহায়-সহযোগিতা আগবঢ়ালে প্ৰচুৰ সম্ভাৱনাময় ঢকুৱাখনাৰ ৰেচম ক্ষেত্ৰখনে নিশ্চয়কৈ অধিক গতিশীলতা লাভ কৰাৰ লগতে অসমৰ মুগা শিল্পয়ো বিশ্বত সুনাম অক্ষুন্ন ৰাখিবলৈ সক্ষম হব!

Leave a Reply

Your email address will not be published. Required fields are marked *