...

ধুবুৰীত ভয়ংকৰ অগ্নিকাণ্ড

Spread the love

 

 

ধুবুৰীত ভয়ংকৰ অগ্নিকাণ্ড

 

 

জ্বলি ভষ্মিভূত বহু কেইখন দোকান
কেইবা লক্ষ টকাৰ সা-সম্পত্তিৰ ক্ষয়ক্ষতি

 

 

ধুবুৰী:

কালী পূজা আৰু দীপাৱলীৰ আনন্দৰ মাজতে ধুবুৰীত গভীৰ নিশা সংঘটিত হয় এক ভয়ংকৰ এত অগ্নিকাণ্ড। অগ্নিকাণ্ডটোত বহু দোকান ভষ্মিভূত হোৱাৰ সমান্তৰালকৈ ক্ষয়ক্ষতি হয় কেইবা লক্ষ টকাৰ সা-সম্পত্তিৰ। চহৰখনৰ ৫ নং ৱাৰ্ডৰ “হ’কাৰ মাৰ্কেট”ত লগা সেই জুই নুমাবলৈ অগ্নিনিৰ্বাপক বাহিনীয়ে যৎপৰোনাস্তি চেষ্টা কৰে যদিও সেই ঠাই ডোখৰত লগালগি কৈ থকা গোটেই কেইখন দোকান জ্বলি ভষ্মিভূত হয়। দৰাচলতে, অঞ্চলটোৰ পিছফালকে ধৰি দুই কাষে থকা তিনিটাকৈ পকী বিল্ডিংৰ বাবে অগ্নিকাণ্ডটো বিয়পি পৰিবলৈ বাধাৰ সন্মুখীন হয় আৰু তাৰ বাবেই সৌভাগ্যক্ৰমে বৃহত্তৰ সেই অঞ্চলটো বৃহৎ এক অঘটনৰ পৰা ৰক্ষা পৰে। ইপিনে, অগ্নিকাণ্ডটোৰ কিদৰে সূত্ৰপাত ঘটিল সেয়া নিশ্চিত নহয় যদিও ফটকাৰ জুইৰ ফিৰিঙতিৰ পৰাই এয়া সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় একাংশ লোকে।

Leave a Reply

Your email address will not be published. Required fields are marked *