...

ডিব্ৰুগড়ত ‘শোণিত কুঁৱৰী’ৰ সফল মঞ্চায়ন

Spread the love

ডিব্ৰুগড়ত ‘শোণিত কুঁৱৰী’ৰ সফল মঞ্চায়ন

 

অভিনেত্ৰী সকলৰ আধুনিক নাটকৰ বচনৰ দৰে সংলাপ নিক্ষেপ!

*শৰৎ চন্দ্ৰ নেওগ*

ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত যোৱা ১ মাৰ্চত মঞ্চস্থ কৰা হয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত কালজয়ী নাট ‘শোণিত কুঁৱৰী’। উদ্যোগতা অনুষ্ঠানটো আছিল ডিব্ৰুগড় আৰ্ট প্লেয়াৰ্চ চছাইটি (আমোলাপট্টি নাট্য মন্দিৰ) আৰু মঞ্চস্থ কৰা হয় তিলক দুৱৰা -গোলাপ শৰ্মা স্মৃতিৰক্ষা ন্যাস আৰু ডিব্ৰুগড়ৰ মিলনজ্যোতি সংঘৰ দ্বাৰা। উল্লেখযোগ্য যে, ডিব্ৰুগড় আমোলাপট্টি নাট্য মন্দিৰত এই নাটখনি প্ৰথম মঞ্চস্থ হৈছিল ১৯২৫ চনত আৰু সেই প্ৰথম মঞ্চস্থৰ ১০০ বছৰ পূৰ্ণ হোৱাৰ উপলক্ষত এইবাৰ দ্বিতীয়বাৰৰ বাবে ডিব্ৰুগড়ত মঞ্চস্থ কৰা হয়। মঞ্চ পৰিকল্পনাৰ এটি টোকাত নাটখনৰ পৰিচালক তথা তিলক দুৱৰা -গোলাপ শৰ্মা স্মৃতিৰক্ষা ন্যাসৰ হৈ প্ৰদীপ দুৱৰাই সঠিক ভাবেই প্ৰকাশ কৰে যে,”নাটখনৰ সংগীতক এক অমূল্য সম্পদ হিচাবেই শ্ৰদ্ধা সহকাৰে উপস্থাপন কৰা হৈছে।লগতে নৃত্য সমূহ, বিশেষকৈ ‘পদুমকলি’ নৃত্যটিও উদ্ধাৰ কৰি উপস্থাপন কৰা হৈছে।” নাটখনি উপভোগ কৰা প্ৰতিজন দৰ্শকেই প্ৰদীপ দুৱৰাৰ এই কথাত নিশ্চিত ভাবে একমত প্ৰকাশ কৰিব যে,নাটকৰ গীত আৰু নৃত্য অতি মনোমোহা আৰু উপস্থাপনো সঠিক হৈছে। বিশেষভাৱে নৃত্যকুশলী সকলৰ ভিতৰত এটা দৃশ্যৰ দৃশ্যান্তৰৰ প্ৰাক মুহূৰ্তৰ কম সময়ৰ এটা যুগল নৃত্যত মদনৰ ভাৱত অপূৰ্ব চুতীয়া আৰু ৰতিৰ ভাৱত সুৰভি চেতিয়াই দৰ্শকৰ মনত বিশেষ সাঁচ বহুৱাবলৈ সক্ষম হ’ল। অৱশ্যে প্ৰদীপ দুৱৰাই উল্লিখিত টোকাটিত প্ৰকাশ কৰা নাটখন অক্ষয় অৱস্থাত উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে বুলি আৰু সংলাপ সমূহ শুদ্ধ ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে বোলা বক্তব্যত কিছু হীন-দেৰি থকা যেন ভাব হ’ল। যথা, বানৰ ৰজাৰ ৰাজসভালৈ দানব সেনাৰ লগতে ইন্দ্ৰ, বৰুণ,অগ্নিক বন্দী কৰি অনা বুলি মূল নাটকখনত উল্লেখ থকাৰ বিপৰীতে নাটকখনত দেখুওৱা হ’ল কেৱল ইন্দ্ৰকহে, বাকী কোনো বন্দীক দেখা নগ’ল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে এগৰাকী মহান নাট্যকাৰে লেখি থৈ যোৱা এখন নাটক নাট্যকাৰৰ আৱৰ্তমানত পূৰ্ণ ৰূপত মঞ্চস্থ নকৰি নিজৰ সুবিধানুযায়ী কাটকূট কৰি মঞ্চস্থ কৰা কাৰ্য কিছু ভাবিবলগীয়া কথা। আজিৰ যুগৰ সময়োপযোগীকৈ মঞ্চ সজালেও অথবা উপস্থাপনত কিছু প্ৰতিকী কৌশল ব্যৱহাৰ কৰিলেও, মূল নাটকখনত থকা চৰিত্ৰ ৰহিত অথবা দৃশ্যাংশকেই উঠাই দিলে দৰ্শকে তেতিয়াৰ চৌধ্য বছৰীয়া নাট্যকাৰ জ্যোতিপ্ৰসাদজনক অথবা তেতিয়াৰ ‘শোণিত কুঁৱৰী’খনক বিচাৰি নেপাব। জ্যোতিপ্ৰসাদে লিখা মূল নাটকখনৰ তৃতীয় দৰ্শনত কুঁজী বুঢ়ীৰ লগতে প্ৰকাশ ঘটে এজন নাপিত আৰু এজন গণকৰ। সেই হাস্যব্যঙ্গ দৃশ্যটোত কুঁজী বুঢ়ীয়ে ব্যঙ্গ কৰি ‘মই হেনো বুঢ়ী’ বুলি এটি গীত গাই নৃত্যও প্ৰদৰ্শন কৰে।নাটখনৰ মাজত এইটোৱেই আছিল এটা হাস্যমধুৰ দৃশ্য। উল্লেখযোগ্য যে, মঞ্চস্থ কৰা নাটখনৰ পৰা এই গোটেই দৃশ্যটোকেই উঠাই দিয়া হ’ল। ফলত কম সময়ৰ বাবে কুঁজী বুঢ়ীৰ প্ৰকাশ ঘটিলেও গীতটোৰ লগতে নাপিত আৰু গণকৰ চৰিত্ৰ দুটাও নোহোৱা কৰি দিয়া হ’ল।
নাটখনত আন এটা বিসঙ্গতি যেন লগা গুৰুত্বপূৰ্ণ দিশ হ’ল এই যে, নাটখন যিহেতু যেনেকৈ এখন আধুনিক শৈলীৰ নাটক নহয়,এখন পৌৰাণিক নাটক,তেনেকৈ গতানুগতিক ‘লভিতা’ আদিৰ দৰে নাটকো নহয়, সেয়েহে নাটখনৰ বচন প্ৰক্ষেপণো পৌৰাণিক, কাব্যধৰ্মী, গীত আৰু কাব্যিকতাৰ ছাঁ সৰ্বত্ৰে বিৰাজমান। কিন্তু নাটখনত দেখা গ’ল, অভিনেতা -অভিনেত্ৰী সকলে বিশেষকৈ সংলাপ নিক্ষেপ কৰিলে আধুনিক নাটকৰ বচন নিক্ষেপ কৰাৰ দৰে। বিশেষকৈ মূল নাটকখনত থকা অনিৰুদ্ধৰ বহুকেইটা কাব্যধৰ্মী বাক্যাংশ নাটকখনত সাধাৰণতে কথা বতৰা পতাৰ দৰেই নিক্ষেপ কৰা দেখা গ’ল।
পোহৰ নিক্ষেপনতো কিছু আসোঁৱাহ থাকি গ’ল,যাৰ প্ৰভাৱ স্বাভাৱিকতে অভিনেতা -অভিনেত্ৰী সকলৰ ওপৰতো পৰিল। বিৰাজ চুতীয়াৰ সহযোগত নাটখনি পৰিকল্পনা আৰু পৰিচালনা কৰে প্ৰদীপ দুৱৰাই। নৃত্য পৰিচালনাত আছিল কৰবী চেতিয়া গগৈ। ভাৱৰীয়া সকলৰ অন্যতম হ’ল বানৰ ভাৱত অভিনয় কৰা যদুমণি বৰুৱাৰ সুন্দৰ অভিনয়।অন্যান্য ভাৱৰীয়া সকল হ’ল-ৰিমজুমা হাজৰিকা(উষা), অসীম সোনোৱাল (অনিৰুদ্ধ), লিপিকা বড়া(চিত্ৰলেখা), যোগানন্দ গোস্বামী(শংকৰ), বিৰাজ চুতীয়া(প্ৰসেনজিত), প্ৰাচ্যৰ গায়ন (শ্ৰীকৃষ্ণ),প্ৰাৰ্থনা হাজৰিকা(পত্ৰ), ড্ৰিমলি গগৈ(স্বপ্নদেৱী), অংশুমান সভাপণ্ডিত কাশ্যপ (বলোৰাম), নয়নজ্যোতি গগৈ(সনাতন), তৰালী বৰা(মনোমতী), ৰাজীৱ দাস(নাৰদ), দিগ্বিজয় বৰুৱা(প্ৰদ্যুম্ন), কৌশিক কমল দত্ত (সাত্যকী), সুশান্ত শৰ্মা(কাৰ্তিক), ৰাজীৱ দাস(নন্দী), সুৰভি চেতিয়া(আই ভগৱতী), মীৰা শৰ্মা (কুঁজী), অপূৰ্ব চুতীয়া(মদন), সুৰভি চেতিয়া(ৰতী), দীপ কমল ফুকন (বাটৰুৱা), সুৰজিত গোহাঁই (দুৱৰী), অনিল দুৱৰা(ইন্দ্ৰ), সুশান্ত শৰ্মা(মন্ত্ৰী) আৰু অন্যান্য সখী সকল হ’ল- পুৰশ্মী বড়া, মাইনী গগৈ, জুলী দিহিঙ্গীয়া আৰু প্ৰিয়ঙ্কা বৰা।
সামগ্ৰিক ভাবে এই কথা ক’বই লাগিব যে, সকলোটি অভিনেতা -অভিনেত্ৰীয়ে সুন্দৰ ভাবে অভিনয় কৰি দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। যদুমণি বৰুৱা,অপূৰ্ব চুতীয়াৰ অভিনয়ৰ দৰে চিত্ৰলেখাৰ ভাৱত অভিনয় কৰা লিপিকা বড়াৰ অভিনয়ো অধিক মনোগ্ৰাহী আছিল। নাটখন মঞ্চায়নত এনেবোৰ কিছু আসোঁৱাহ থাকিলেও বিশেষকৈ গীত আৰু নৃত্য সমূহে মহান নাট্যকাৰ জ্যোতিপ্ৰসাদৰ এইক্ষেত্ৰত থকা স্বকীয় বৈশিষ্ট্য অটুত ৰাখিবলৈ সক্ষম হৈছে বুলিয়েই কব লাগিব।
(ফোনঃ- ৯৪০১৭০৯১৮৬)

Leave a Reply

Your email address will not be published. Required fields are marked *