Skip to content বিপদত পৰিব দীপুৰঞ্জন মাক্ৰাৰী-টংকেশ্বৰ সোনোৱাল!
কংগ্ৰেছ শাসনলৈ আহিলেই বিপদ
ডিব্ৰুগড়ত সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদীয় সমন্বয় সমিতিৰ সভা
চাইন অন ডেস্ক:
কংগ্ৰেছ শাসনত আহিলে বিপদত পৰিব সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী আৰু বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱাল। পৰিষদত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব কংগ্ৰেছ নেতৃত্বাধীন পৰিষদে। আজি ডিব্ৰুগড়ৰ কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদীয় সমন্বয় সমিতিৰ সভাৰ অন্ততঃ সংবাদ মাধ্যমক এনেদৰে প্ৰকাশ কৰে পৰিষদৰ প্ৰাক্তন অধ্যক্ষ দণ্ডী সোনোৱালে। উল্লেখযোগ্য যে, দণ্ডী সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় সমন্বয় সমিতি, অসম নামৰ এখন সমিতি গঠন কৰা হয়। শৈলেন সোনোৱালক মুখ্য উপদেষ্টা আৰু দণ্ডী সোনোৱালক অধ্যক্ষ হিচাপে লৈ গঠন কৰা হয় পৰিষদীয় সমন্বয় সমিতিৰ ৩১ জনীয়া এখন সমিতি। আনহাতে এই সভাত আগন্তক পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা বুলি জানিবলৈ দি কংগ্ৰেছ নেতা শৈলেন সোনোৱালে কয়, সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনত ধূলিসাৎ হ’ব বিজেপি। প্ৰতিটো পৰিষদীয় সমষ্টিতে কংগ্ৰেছে প্ৰাৰ্থীত্ব প্ৰদান কৰিব। পূৰ্বৰ হেৰুৱা দুৰ্গ ওভতাই আনিবলৈ সক্ষম হ’ব বুলি আত্মবিশ্বাসী হৈ উঠিছে কংগ্ৰেছ দল।পৰিষদৰ ভিতৰছোৱাত সংঘটিত বিয়াগোম দুৰ্নীতি কেলেংকাৰীৰ কংগ্ৰেছ ক্ষমতালৈ আহিলে কৰিব নিজাববীয়াকৈ উচ্চ পৰ্যায়ৰ তদন্ত। গঠন কৰিব এছ আই টি। ইফালে বিজেপিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীয়ে পাহাৰসম দুৰ্নীতি কৰাৰ পাছতো কেৱল ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবেই আজি পৰ্যন্ত গ্ৰেপ্তাৰ নকৰিলে বুলি মুকলি ক্ষোভ উজাৰিলে কংগ্ৰেছ নেতাজনে বিজেপিৰ আমোলত সংঘটিত অবাধ দুৰ্নীতিৰ বাবে ইতিমধ্যে কাৰ্যকাল শেষ হোৱাৰ পাছতো নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ভয় খাইছে বিজেপিয়ে। পুনৰ অন্তবৰ্তীকালীন পৰিষদৰ যোগেদি দুৰ্নীতিত নিমজ্জিত জনকো পুনৰ মনোনীত কৰিছে বিজেপিয়ে। বিজেপি কেৱল দুৰ্নীতিৰ দল। সৰ্বানন্দ সোনোৱালৰ মুখ খন দেখুৱাই চক্ৰান্তৰে মুখ্যমন্ত্ৰীৰ আসনত বহা হিমন্ত বিশ্ব শৰ্মাই এতিয়া সোনোৱাল কছাৰী পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাহস গোটাব পৰা নাই বুলি সমালোচনা কৰিছে কংগ্ৰেছ নেতৃত্বই।