Skip to content ডিব্ৰুগড়স্থিত ‘আনন্দলয় ভৱন’ত গাম্ভীর্যপূর্ণ পৰিবেশত ‘বিশ্ব ভ্ৰাতৃত্ব দিৱস’ পালন
চাইন অন ডেস্ক: বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়,ডিব্রুগড় আৰু বিবেকানন্দ কেন্দ্ৰ, ডিব্ৰুগড় শাখাৰ সৌজন্যত যোৱা ১১ ছেপ্টেম্বৰ তাৰিখে ডিব্ৰুগড়স্থিত ‘আনন্দলয় ভৱন’ত এক গাম্ভীর্যপূর্ণ পৰিবেশত ‘বিশ্ব ভ্ৰাতৃত্ব দিৱস’ পালন কৰা হয়। ১৮৯৩ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাৰ চিকাগো চহৰৰ ‘Hall of Colombus’ ত স্বামী বিবেকানন্দই সনাতন ধৰ্ম সম্পৰ্কে প্ৰদান কৰা ভাষণত পৰিস্ফুত হোৱা বিশ্বপ্ৰেম আৰু বিশ্ব ভ্ৰাতৃত্বৰ আদৰ্শৰ ভিত্তিত ১৯৭২ চনত মাননীয় একনাথজী ৰাণাডেয়ে প্ৰতিষ্ঠা কৰা বিবেকানন্দ কেন্দ্ৰই জন্মলগ্নৰ পৰাই ১১ছেপ্টেম্বৰ দিনটো ‘ বিশ্ব ভ্ৰাতৃত্ব দিৱস’ হিচাপে পালন কৰি আহিছে। এই দিৱসৰ লগত সংগতি ৰাখি বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, ডিব্ৰুগড়ে আয়োজন কৰা অনুষ্ঠানত মুখ্য অতিথিৰূপে বিশিষ্ট লেখক, বুদ্ধিজীৱী, সমালোচক, জনপ্ৰিয় বক্তা ময়ূৰ বৰা উপস্থিত থাকে।
প্রথমেই তেখেতে মহামনীষী বিবেকানন্দৰ প্রতিচ্ছবিত পুষ্পার্পণ কৰে। মংগলাচৰণেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ শ্ৰী অচিন্ত্য গোস্বামীয়ে অতিথি সকলক আদৰণি জনোৱাৰ লগতে দিনটোৰ তাৎপর্য ব্যাখ্যা কৰে। বিদ্যালয়ৰ একাংশ শিক্ষক- শিক্ষয়িত্ৰীয়ে সমন্বয়ৰ এটি গীত পৰিৱেশন কৰাৰ পিছত বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ বানিজ্য শাখাৰ ছাত্র কস্তুৰ্ব ডেকাই স্বামীজীৰ ‘চিকাগো ভাষণ’ প্ৰদান কৰে। মুখ্য অতিথিৰ বক্তব্যৰে শ্ৰী ময়ূৰ বৰাই শ্ৰোতাসকলক সন্মোহিত কৰি ৰাখে। তেখেতে তেখেতৰ বক্তব্যত স্বামী বিবেকানন্দৰ জীৱন দৰ্শনৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ইত্যাদিৰ জীবন সম্পৰ্কেও আলোকপাত কৰে।
বিবেকানন্দ কেন্দ্ৰ ডিব্ৰুগড় শাখাৰ নগৰ সঞ্চালিকা, Delhi Technological Universityৰ অৱসৰপ্রাপ্ত অধ্যাপিকা শ্ৰীযুতা কুঞ্জলতা দেউৰীয়ে শলাগৰ শৰাই আগবঢ়ায়। বিদ্যালয়খনৰ শিক্ষয়িত্রী প্রণামী গোস্বামীয়ে আঁতধৰা অনুষ্ঠানটো শান্তিমন্ত্র পাঠেৰে সফল সমাপ্তি ঘটে। বি.কে.বি (নীপক’) বকুলনি, শিৱসাগৰ, শদিয়া, চিচিবৰগাঁৱৰ কিছু সংখ্যক শিক্ষক-শিক্ষয়িত্রীৰ লগতে ডিব্ৰুগড়ৰ বহুতো গণ্য- মান্য ব্যক্তি সভাত উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।