Skip to content ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰিব ”জুবিন গাৰ্গ সোঁৱৰণী শ্ৰেষ্ঠ গায়ক বঁটা’
চাইন অন ডেস্ক:
জুবিন গাৰ্গৰ পৱিত্ৰ সোঁৱৰণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰিব ”জুবিন গাৰ্গ সোঁৱৰণী শ্ৰেষ্ঠ গায়ক বঁটা’। অনুষ্ঠিত কৰিব জুবিন সংগীত প্ৰতিযোগিতা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত: মহাবিদ্যালয় যুৱ মহোৎসৱত প্ৰদান কৰিব এই বঁটা। হিয়াৰ আমঠু, সদ্য-প্ৰয়াত কন্ঠশিল্পী তথা চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা জুবিন গাৰ্গৰ স্মৃতি চিৰ-যুগমীয়া কৰাৰ লক্ষ্যৰে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে চলিত বৰ্ষৰ পৰা প্ৰদান কৰিব ‘জুবিন গাৰ্গ সোঁৱৰণী শ্ৰেষ্ঠ গায়ক বঁটা’। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ১১৬ সংখ্যক ক’ৰ্ট সভাই সদ্য-প্ৰয়াত শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লক্ষ্যৰে তথা শিল্পীগৰাকীৰ স্মৃতি চিৰ-যুগমীয়া কৰাৰ মানসেৰে চলিত বৰ্ষৰ পৰা ‘জুবিন গাৰ্গ সোঁৱৰণী শ্ৰেষ্ঠ গায়ক বঁটা’ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন জিলাৰ ১৭১ খন মহাবিদ্যালয়ক সামৰি প্ৰতি বছৰে আন্তঃমহাবিদ্যালয় যুৱ- মহোৎসৱ অনুষ্ঠিত হয়। এই মহোৎসৱত শ্ৰেষ্ঠ বিবেচিত হোৱা প্ৰতিযোগীজনক এই বঁটাৰে সন্মানিত কৰা হ’ব। এই বঁটাৰ লগত থাকিব নগদ ধন, চলন্ত ট্ৰফী আৰু বিশ্ববিদ্যালয়ৰ চীল মোহৰ সম্বলিত প্ৰমাণ পত্ৰ। এই যুৱ-মহোৎসৱত ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত,বিষ্ণু ৰাভা সংগীত আৰু জয়ন্ত সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। চলিত বৰ্ষৰ পৰা এই যুৱ-মহোৎসৱত যুৱ-প্ৰজন্মৰ মাজত জুবিন গাৰ্গৰ গীতৰ চৰ্চা অব্যাহত ৰখাৰ উদ্দেশ্যৰে ‘জুবিন সংগীত’ ৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে।
Like this:
Like Loading...