...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডঃ দিগন্ত শৰ্মালৈ ২০২৭ বৰ্ষৰ ভাৰতীয় ৰসায়ন বিজ্ঞান সমিতিৰ ব্ৰঞ্জৰ পদকৰ বাবে নিৰ্বাচিত

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডঃ দিগন্ত শৰ্মালৈ ২০২৭ বৰ্ষৰ ভাৰতীয় ৰসায়ন বিজ্ঞান সমিতিৰ ব্ৰঞ্জৰ পদকৰ বাবে নিৰ্বাচিত

চাইন অন ডেস্ক,৮জুলাই:

২০২৭ চনৰ কেমিকেল ৰিচাৰ্ছ চ’ছাইটি অফ ইণ্ডিয়া চমুকৈ চি আৰ এছ আই সন্মানীয় ব্ৰঞ্জৰ পদকৰ বাবে নিৰ্বাচিত হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰাধ্যাপক ড০ দিগন্ত শৰ্মা।ৰাসায়ণ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে ড০ শৰ্মাই এই সন্মানৰ বাবে নিৰ্বাচিত হৈছে। উল্লেখযোগ্য যে ভাৰতীয় ৰাসায়নিক গৱেষণা সংস্থাই প্ৰতি বছৰে ৰসায়ন বিজ্ঞানৰ বিভিন্ন শাখাত উৎকৃষ্টতা প্ৰদৰ্শন আৰু উল্লেখযোগ্য অৱদানৰ বাবে বিশিষ্ট গৱেষকসকলক এই পদকেৰে সন্মানিত কৰে।২০২৭ চনৰ চি আৰ এছ আই ব্ৰঞ্জৰ পদকৰ বাবে দেশজুৰি নিৰ্বাচিত হোৱা ২৩ গৰাকী গৱেষকৰ ভিতৰত অসমৰ পৰা একমাত্ৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হৈছে ড° দিগন্ত শৰ্মা। এই বঁটাটো ৰসায়ন বিজ্ঞানৰ অন্যতম সন্মানীয় স্বীকৃতি আৰু উচ্চমানৰ লগতে প্ৰভাৱশালী গৱেষণাৰ জৰিয়তে ৰাসায়ন বিজ্ঞানত অসাধাৰণ অৱদান আগবঢ়োৱা গৱেষকসকলক সন্মান জনোৱা হয়। তেখেতৰ এই গৱেষণা কৰ্মই ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসমৰ ৰসায়ন বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰত বিশেষ উল্লেখনীয় অবদান আগবঢ়াব বুলি শিক্ষাবিদ সকলে আশা ব্যক্ত কৰিছে। ড০ দিগন্ত শৰ্মাৰ এই সফলতাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য প্ৰাধ্যাপক ড০ জিতেন হাজৰিকা,পঞ্জীয়ক ড০ পৰমানন্দ সোনোৱালে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *