ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উদ্যোগত ‘য়াৰলুং ছাংপোত বৃহৎ নদীবান্ধ আৰু ইয়াৰ সম্ভাৱ্য প্ৰভাৱ
প্ৰস্তাৱিত চীনৰ মেডগ জলবিদ্যুৎ প্ৰকল্পই ভয়াৱহ প্রাকৃতিক দুৰ্যোগৰ সৃষ্টি কৰিবঃ ড০ যোগেন্দ্ৰনাথ শৰ্মা
চাইন অন ডেস্ক:
‘চীনৰ বৃহৎ নদীবান্ধে ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি কৰিব অসমৰ নামনি অংশত। চীনৰ য়াৰলুং ছাংপো বা ‘মেডগ জলবিদ্যুৎ প্ৰকল্প’টো ভাৰতৰ সৰ্ববৃহৎ বান্ধসমূহতকৈয়ো ৬০ গুণ বৃহৎ বান্ধ।’ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উদ্যোগত জাগৃতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক বক্তৃতানুষ্ঠানত এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক তথা বিশিষ্ট ভূ-তত্ববিদ ড০ যোগেন্দ্ৰনাথ শৰ্মাই।
ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মানসজ্যোতি দত্তৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত ‘য়াৰলুং ছাংপোত বৃহৎ নদীবান্ধ আৰু ইয়াৰ সম্ভাৱ্য প্ৰভাৱঃ অসম, বিশেষকৈ ডিব্ৰুগড়ৰ পৰা গুৱাহাটী আৰু বাংলাদেশলৈকে নদীৰ নামনি অঞ্চলত হ’ব পৰা প্ৰভাৱ’ শীৰ্ষক বিষয়ত আগবঢ়োৱা বক্তৃতাত ড০ শৰ্মাই জানিবলৈ দি কয়, তীব্ৰতৰ মেডগ কাউণ্টিত অৱস্থিত ছাংপো নদীত চীন চৰকাৰে ২০২৪ চনৰ ২৫ ডিচেম্বৰত ‘মেডগ জলবিদ্যুৎ প্ৰকল্প’ত অনুমোদন জনাইছিল। আনহাতে বৃহৎ নদীবান্ধটোৰ পৰা চীন চৰকাৰে বছৰি ৬০ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে। এই নদীবান্ধটো মধ্য চীনত নিৰ্মাণ কৰা ইয়াংচেং নদীৰ থ্ৰী গৰ্জ নদীবান্ধতকৈ তিনিগুণ আৰু ভাৰতৰ সৰ্ববৃহৎ নদীবান্ধসমূহতকৈয়ো ৬০ গুণ ডাঙৰ। প্ৰায় ৬ হাজাৰ দ খাদত চীনে নিৰ্মাণ কৰিবলগীয়া বান্ধক ‘ছাংপোৰ গ্ৰেণ্ড কেনিয়ন’ নামেৰে অভিহিত কৰা হৈছে।
ইফালে এই গ্ৰেণ্ড হৈছে বিশ্বৰ অন্যতম শান্ত পৰিস্থিতিতান্ত্ৰিক। আশ্বৰ্যজনক কথাটো হ’ল গৰ্জৰ চাৰিওফালে থকা অঞ্চলটোৰ পৰিৱেশ ইমানেই বৈচিত্ৰময় যে, ইয়াক প্ৰাকৃতিক উদ্ভিদ উদ্যান বা প্ৰাকৃতিক চিৰিয়াখানা আৰু প্লান্ট জিন বেংক হিচাপেও অভিহিত কৰায়। ইয়াত ২ হাজাৰ বিধ উদ্ভিদ, ৬৮০ বিধ ভেঁকুৰ, ২৩২ টা চৰাই, ৩১ টা উভচৰ প্ৰাণী আৰু ২ হাজাৰ টা প্ৰজাতিৰ পোক-পৰুৱাৰ সম্ভেদ পোৱা যায়। একেটা প্ৰসংগত ড০ শৰ্মাই উল্লেখ কৰি কয় যে, প্ৰস্তাৱিত নদী বান্ধত বিশাল সুৰংগ, ট্ৰেন্সমিছন লাইন, পথ আৰু ৰ’পৱে নিৰ্মাণ কৰি ভংগুৰৰ ভূখণ্ড ধ্বংস কৰা হ’ব।
ইয়াৰ উপৰি তীব্ৰতৰ আৰু অৰুণাচল প্ৰদেশৰ ভূ-গৰ্ভস্থ পানী, ঘন আৰু ডাঠ কুঁৱলীত নদীবান্ধে প্ৰভাৱ পেলাব। সমান্তৰালভাৱে ভূটান আৰু তীব্বতক প্ৰভাৱান্বিত কৰি এই বৃহৎ নদীবান্ধে সঘনাই মৌচুমীৰ ৰূপৰেখা সলনি কৰিব। সৰ্বশেষত ই হিমালয়ৰ পৰিৱেশ ধ্বংস কৰি জলবায়ু পৰিৱৰ্তন কৰিব। আনহাতে নদীবান্ধ প্ৰকল্পৰ পৰা প্ৰবাহিত পানীসমূহ বিশুদ্ধ। যাক কোৱা হয় ভোকাতুৰ পানী। ইয়াৰ ফলত প্ৰচণ্ড গৰাখহনীয়াৰ সৃষ্টি হয়। ব্ৰহ্মপুত্ৰ আৰু যমুনা নদীৰ ২১৮ টা প্ৰজাতিৰ মৎস্যৰ লগতে ২০ লাখ মাছমৰীয়াৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি নামি আহিব। যাৰ বাবে এই নদীবান্ধক বিশ্বৰ সৰ্ববৃহৎ অপকাৰী বান্ধ হিচাপে চিনাক্ত কৰা হৈছে।
পাৱাৰ পইন্ট প্ৰেজেন্টেছনৰ জৰিয়তে প্ৰকাশ কৰা তথ্যত প্ৰকাশ কৰামতে, ভাৰতলৈ প্ৰৱাহিত চীনৰ য়াৰলুং চাংপোৰ পানী নামনি অংশৰ নৈপৰীয়া এলেকাত প্ৰতিৰোধ ক্ষমতা নাই। য়াৰলুং ছাংপো নদীত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণে ভাৰতৰ বাবে উদ্বেগজনক আৰু অতিশয় বিপদজনক। যদিহে এই বিষয়সমূহ গুৰুত্বসহকাৰে লৈ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ’লে অনাগত দিনত ভাৰতে ভয়াৱহ পৰিৱেশৰ মুখামুখি হ’ব লাগিব।
ইফালে চীনৰ জলবোমাসদৃশ নদীবান্ধৰ ফলত ভাৰতে ১৫ শতাংশ পানী হেৰুৱাবলগীয়া হ’ব পাৰে। চীনৰ পণ্ডিত জিয়াং আৰু তেওঁৰ সহযোগীসকলে অনুমান কৰিছে যে, চীনৰ ছাংপো নদীৰ বাৰ্ষিক বহিঃপ্ৰৱাহ প্ৰায় ৩১ বিলিয়ন ঘনমিটাৰ হোৱাৰ বিপৰীতে বাংলাদেশৰ বাহাদুৰাবাদত ব্ৰহ্মপুত্ৰৰ বাৰ্ষিক প্ৰবাহ প্ৰায় ৬০৬ বিচিএম। এই তথ্যই প্ৰকাশ কৰে যে, ছাংপোৱে অৰিহনা যোগোৱা ব্ৰহ্মপুত্ৰ নদীত ৫ শতাংশ আৰু তীব্বতত ইয়াৰ ৫৬.২৪ শতাংশ প্ৰবাহিত হ’ব। ফলত ছাংপো বান্ধৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী শুকাই যাব বুলি সৃষ্টি হোৱা ধাৰণাক অগ্ৰাহ্য কৰা হৈছে।
ছাংপো নদীবান্ধ যদিহে আকস্মিকভাৱে ভাঙে তেনেহ’লে ১৯৫০ চনত ভয়াৱহ পৰিস্থিতিৰ দৰে উদ্ভৱ হ’ব ভাৰতৰ নামনি অংশত। নিজৰ বক্তব্যত ভূ-তত্ববিধ ড০ যোগেন্দ্ৰনাথ শৰ্মাই কয় যে, চীনে নিৰ্মাণ কৰা প্ৰস্তাৱিত বৃহৎ নদীবান্ধৰ ৰূপৰেখা ভাৰতক এতিয়ালৈকে অৱগত কৰা নাই। নামনি অংশৰ দেশ হিচাপে চীনৰ বৃহৎ নদীবান্ধটোৰ সম্পৰ্কত জনাৰ অধিকাৰ আছে। প্ৰস্তাৱিত বৃহৎ নদীবান্ধৰ ফলত পৰিৱেশৰ প্ৰতি পৰিব পৰা প্ৰভাৱ সম্পৰ্কে ভাৰত আৰু চীনে যুটীয়াভাৱে পৰিৱেশ প্ৰভাৱৰ মূল্যায়ন কৰিব পাৰে। যদিহে নদীবান্ধটোৰ বাবে চীনে পানী জমা কৰাৰ পৰিকল্পনা কৰে তেনেহ’লে ব্ৰহ্মপুত্ৰৰ পানী শুকাই গৈ অসমত মৰিভূমিসদৃশ পৰিৱেশৰ সূচনা হোৱাৰ সম্ভাৱনা আছে। তীব্বতত সাধাৰণ ভূমিকম্পত জলবিদ্যুৎ প্ৰকল্প ভাঙি অসম আৰু অৰুণাচলক ব্যাপক ৰূপত ক্ষতি কৰিব পাৰে।
ইফালে চীনৰ জলবোমাক প্ৰতিহত কৰিবলৈ ভাৰতে অৰুণাচল প্ৰদেশত ১১০০০ হাজাৰ মেগাৱাট শক্তিসম্পন্ন ছিয়াং জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ ভাৰতৰ নদীবান্ধটোক লৈয়ো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰণ এই নদীবান্ধটো আকস্মিকভাৱে ভাঙিলে অসমৰ নামনি অংশত ব্যাপক ৰূপত প্ৰভাৱ পৰিব।
উল্লেখযোগ্য যে, ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰিপুঞ্জয় দাসে আঁত ধৰা অনুষ্ঠানত ডিব্ৰুগড় আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান মুৰব্বী লোহিত ডেকা, বিশিষ্ট সাংবাদিক ইকবাল আহমেদ, লক্ষীকান্ত মজিন্দাৰ বৰুৱা, চিয়াং ইণ্ডিজিনিয়াছ ফাৰ্মাৰ ফৰাম, নৰ্থ ইষ্ট ফায়াৰ চাৰ্ভিছ একাডেমীৰ সঞ্চালক গন্ধপতি চুংক্ৰাং, জ্যেষ্ঠ সাংবাদিক ললিত শৰ্মা, অনিল পোদ্দাৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে। ইফালে এই অনুষ্ঠানতে ড০ শৰ্মাক ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ তৰফৰ পৰা ফুলাম গামোচা, স্মাৰক আৰু মানপত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।


