...

ডিব্ৰুগড়ত নতুন বিধানসভাৰ নিৰ্মাণ কাৰ্য ২ মাহৰ ভিতৰত আৰম্ভ হ’ব: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Spread the love

 

 

ডিব্ৰুগড়ত নতুন বিধানসভাৰ নিৰ্মাণ কাৰ্য ২ মাহৰ ভিতৰত আৰম্ভ হ’ব: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

 

 

চাইন অন ডেস্ক:

ডিব্ৰুগড়ত নতুন অসম বিধানসভাৰ নিৰ্মাণ কাৰ্য অহা দুমাহৰ ভিতৰতে আৰম্ভ হ’ব।এই কথা সদৰী কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।তেওঁ কয় যে ডিব্ৰুগড়ত নতুন অসম বিধানসভাৰ নিৰ্মাণ কাৰ্যই মহানগৰখনক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ।ডিব্ৰুগড়ত সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে উজনি অসমৰ এই মহানগৰখনক প্ৰধান প্ৰশাসনিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰি এক উচ্চাভিলাষী আন্তঃগাঁথনি প্ৰকল্পৰ ৰূপৰেখা দাঙি ধৰে।

“আমি দুমাহৰ ভিতৰত ডিব্ৰুগড়ত অসম বিধানসভা নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ কৰিম। ইতিমধ্যে প্ৰস্তুতিমূলক কামবোৰ প্ৰায় আৰম্ভ হৈছে,” —শৰ্মাই কয়।গুৱাহাটীৰ পিছত দ্বিতীয়খন এনে সুবিধা থকা নতুন বিধানসভা স্থান হব,যিটো ডিব্ৰুগড় মহানগৰৰ বাইপাচৰ খনিকৰ অঞ্চলত নিৰ্মাণ কৰা হ’ব।এই প্ৰকল্পটোৰ জৰিয়তে উজনি অসমৰ জনসাধাৰণৰ কাষলৈ শাসন ব্যৱস্থা কঢ়িয়াই অনা আৰু ৰাজ্যৰ ৰাজধানীৰ ওপৰত থকা প্ৰশাসনিক বোজা কমোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰা এক প্ৰধান বিকেন্দ্ৰীকৰণৰ প্ৰচেষ্টা বুলি বিবেচিত হৈছে।

আনহাতে
বিধানসভা ভৱনৰ লগতে একেসময়তে এমএলএ আবাস গৃহ নিৰ্মাণ কৰা হ’ব, য’ত প্ৰাথমিকভাৱে ১২৬ জন বিধায়ক থকাৰ ব্যৱস্থা থাকিব আৰু ভৱিষ্যতে ১৬০ জন বিধায়কলৈকে বৃদ্ধি কৰাৰ ব্যৱস্থা ৰাখিব।এই দূৰদৰ্শী পদ্ধতিয়ে ৰাজ্যৰ বিধায়ক প্ৰতিনিধিত্বৰ সম্ভাব্য বৃদ্ধিৰ এক ইংগিত বুলিও কব পাৰি।
“এমএলএ আবাসিক গৃহৰ কামো একে সময়তে আৰম্ভ হ’ব।আমি এক অত্যাধুনিক ১০০০ আসনৰে সমৃদ্ধ এক অত্যাধুনিক অডিটৰিয়ামো নিৰ্মাণ কৰিম,” মুখ্যমন্ত্ৰীয়ে কয়।
এই আন্তঃগাঁথনি উন্নয়নত ৭৫ জন বিষয়াৰ বাবে থকাৰ ব্যৱস্থাসহ এটা নতুন চাৰ্কিট হাউচো(আৱৰ্ত্ত ভৱন) অন্তৰ্ভুক্ত হ’ব। যিয়ে চৰকাৰী বিষয়া আৰু চৰকাৰী অতিথিৰ বাবেও পৰ্যাপ্ত থকাৰ ব্যৱস্থা হব।মুখ্যমন্ত্ৰীয়ে পূৰ্বতে ঘোষণা কৰিছিল যে ডিব্ৰুগড়ত প্ৰথম বিধানসভা অধিৱেশন ২০২৭ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ আশা কৰা হৈছে।অৰ্থাৎ ডিব্ৰুগড়ত বিধানসভা গৃহ ২৭চনৰ চেপ্তেম্বৰ মাহৰ পূৰ্বে শেষ হোৱাতো স্পষ্ট হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *