ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ বালিচৰত আৱদ্ধ হৈ থকা চাৰিজনক ৭২ ঘণ্টাৰ পাছত উদ্ধাৰ
জিলাখনৰ চাবুৱাৰ ৰহমৰীয়াৰ ব্ৰহ্মপুত্ৰ নদীৰ এক দুৰ্গম বালিচৰত ৭২ ঘণ্টা আৱদ্ধ হৈ থকা চাৰিজন ব্যক্তিক অৱশেষত আজি ৰাজ্য দুৰ্যোগ সঁহাৰি বাহিনীয়ে (SDRF) উদ্ধাৰ কৰিছে।বাৰম্বাৰ প্ৰচেষ্টাৰ পিছতো উদ্ধাৰ প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পাছত এই উদ্ধাৰ কাৰ্য সম্পন্ন হয়।আজি উদ্ধাৰ হোৱা ব্যক্তি কেইজন ক্ৰমে—অজয় ওৰাং, প্ৰাঞ্জল ওৰাং, ৰঞ্জিত কুৰ্মী আৰু প্ৰীতিকাই দাস।