...

সুৰক্ষিত জিলা’ৰ স্বীকৃতি লাভ কৰা প্ৰথমখন জিলা ডিব্ৰুগড়

সুৰক্ষিত জিলা’ৰ স্বীকৃতি লাভ কৰা প্ৰথমখন জিলা ডিব্ৰুগড়

২০৩০ চনৰ ভিতৰত এইচ আই ভি/এইডছক জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হিচাপে নিৰ্মূল কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাৰ দিশত ডিব্ৰুগড়ৰ উল্লেখযোগ্য অগ্ৰগতি

চাইন অন ডেস্ক, ৩০ অক্টোবৰ:

ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ কাৰ্যসূচী (NACP)ৰ অধীনত ডিব্ৰুগড় জিলাই এক উল্লেখযোগ্য সাফল্য অৰ্জন কৰি ‘সুৰক্ষিত জিলা’ৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থা (NACO)ৰ ‘ম’বিলাইজেচন ফৰ এইডছ সুৰক্ষা’ (MAS) ডেশ্বব’ৰ্ডত প্ৰতিফলিত তথ্য অনুসৰি, অসমৰ চিহ্নিত ছয়খন উচ্চ-অগ্ৰাধিকাৰপ্ৰাপ্ত জিলাৰ ভিতৰত ৯৫-৯৫-৯৫ৰ নিৰ্ধাৰিত তিনিওটা লক্ষ্যত উপনীত হোৱা প্ৰথমখন জিলা হিচাপে ডিব্ৰুগড়ে এই স্বীকৃতি লাভ কৰিছে।

ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থাই এইচ আই ভি প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অধিক ত্বৰান্বিত পদক্ষেপ গ্ৰহণৰ উদ্দেশ্যে দেশৰ বিভিন্ন জিলাক উচ্চ-অগ্ৰাধিকাৰপ্ৰাপ্ত জিলা হিচাপে চিহ্নিত কৰিছে। এই জিলাসমূহত এইচ আই ভি সংক্ৰমণ প্ৰতিৰোধ, পৰীক্ষণৰ পৰিসৰ বৃদ্ধি, সময়মতে চিকিৎসা প্ৰদান আৰু সংক্ৰমিত লোকসকলৰ বাবে উপযুক্ত যত্ন তথা সহায়-সহযোগিতা সুনিশ্চিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

২০৩০ চনৰ ভিতৰত এইচ আই ভি/এইডছক জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হিচাপে নিৰ্মূল কৰাৰ ভাৰতৰ প্ৰচেষ্টাক অধিক শক্তিশালী আৰু ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থাই ‘ম’বিলাইজেচন ফৰ এইডছ সুৰক্ষা’ (MAS) কাৰ্যসূচী ৰূপায়ণ কৰিছে। ডিব্ৰুগড় জিলাৰ এই সফলতাই জিলাখনত এইচ আই ভি প্ৰতিৰোধ, পৰীক্ষণ, চিকিৎসা আৰু যত্ন সেৱাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ ইতিবাচক ফলাফল প্ৰতিফলিত কৰিছে।

বিশ্বজুৰি এইচ আই ভি প্ৰতিৰোধৰ ক্ষেত্ৰত স্বীকৃত ৯৫-৯৫-৯৫ লক্ষ্যৰ মূল উদ্দেশ্য হৈছে -এইচ আই ভিৰ সৈতে জীৱন অতিবাহিত কৰি থকা লোকসকলৰ ৯৫ শতাংশই নিজৰ সংক্ৰমণৰ অৱস্থাৰ বিষয়ে অৱগত হোৱা, সংক্ৰমণ চিনাক্ত হোৱা লোকসকলৰ ৯৫ শতাংশই এণ্টিৰেট্ৰ’ভাইৰেল থেৰাপী (ART) লাভ কৰা আৰু চিকিৎসা গ্ৰহণ কৰি থকা লোকসকলৰ ৯৫ শতাংশই ভাইৰাছৰ পৰিমাণ নিয়ন্ত্ৰিত অৱস্থালৈ (Viral Suppression) আনিবলৈ সক্ষম হোৱা। এই তিনিওটা লক্ষ্যত উপনীত হোৱাটো এইচ আই ভি সংক্ৰমণৰ প্ৰসাৰ ৰোধ কৰা আৰু এইচ আই ভিৰ সৈতে জীৱন অতিবাহিত কৰি থকা লোকসকলৰ স্বাস্থ্য তথা জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি।

ডিব্ৰুগড় জিলাই এই সাফল্য অৰ্জন কৰাটো সংশ্লিষ্ট বিভাগসমূহৰ সুপৰিকল্পিত পদক্ষেপ, নিৰৱচ্ছিন্ন প্ৰচেষ্টা আৰু সমন্বিত সহযোগিতাৰ ফল। জিলা এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ গোট (DAPCU), সংহত পৰামৰ্শদান আৰু পৰীক্ষণ কেন্দ্ৰসমূহ (ICTC), এণ্টিৰেট্ৰ’ভাইৰেল থেৰাপী (ART) কেন্দ্ৰৰ কৰ্মীসকল, জিলাখনৰ স্বাস্থ্যকৰ্মী, সহযোগী বিভাগ, বিভিন্ন সংগঠন আৰু সম্প্ৰদায়ৰ সদস্যসকলৰ সামূহিক অৱদান এই সফলতাৰ অন্যতম আধাৰ। বিশেষকৈ এইচ আই ভি পৰীক্ষণৰ সুবিধা সম্প্ৰসাৰণ, সংক্ৰমণ চিনাক্ত হোৱা লোকসকলৰ বাবে সময়মতে চিকিৎসা সুনিশ্চিত কৰা আৰু জনসাধাৰণৰ মাজত সজাগতা তথা অংশগ্ৰহণ বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা উল্লেখযোগ্য।

Leave a Reply

Your email address will not be published. Required fields are marked *