ডিব্ৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু গ্রন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন
চাইন অন ডেস্ক:
ডিব্ৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত এখনি বক্তৃতানুষ্ঠান আৰু গ্রন্থ উন্মোচনী সভা ,যোৱা ১৭ ডিচেম্বৰত অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ আৰম্ভণিতে ডিব্ৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° মৌচুমী দত্তই আদৰণী ভাষণ প্রদান কৰে। ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জন চাংমাই আৰু উপাধ্যক্ষ ড° অদিতি বৰুৱাই অনুষ্ঠানটিৰ হৈ শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। ‘সাহিত্য অকাডেমীৰ মাপকাঠিত সাত দশকৰ অসমীয়া সাহিত্য’ শীর্ষক বিষয়ত বক্তৃতা প্রদান কৰে ডিব্ৰু মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড° জিতু বুঢ়াগোহাঁয়ে। তেখেতে যোৱা সাতটা দশকত সাহিত্য অকাডেমি বঁটাপ্রাপ্ত অসমীয়া সাহিত্যৰ অন্তৰ্গত গল্প, উপন্যাস আৰু কবিতাসমূহৰ বিষয়বস্তু আৰু আংগিকৰ দিশত অতি মননশীল বিশ্লেষণ আগবঢ়ায়। অতি অধ্যয়নপুষ্ট আৰু বিশ্লেষণাত্মক দৃষ্টিভংগীৰে আগবঢ়োৱা এই বক্তৃতাই সকলোকে উপকৃত কৰে। এই অনুষ্ঠানতে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত ড° মৌচুমী দত্তৰদ্বাৰা সম্পাদিত ‘বিষয় বীক্ষণ’ (সাহিত্য অকাডেমি বঁটাপ্রাপ্ত অসমীয়া উপন্যাসৰ
আধাৰত) গ্ৰন্থখন উন্মোচন কৰে ড° জিতু বুঢ়াগোহাঁয়ে। গ্রন্থখনত এতিয়ালৈকে সাহিত্য অকাডেমি বঁটাপ্রাপ্ত একুৰিখন উপন্যাসৰ বিষয়ে বিচাৰ আৰু বিশ্লেষণ আগবঢ়োৱা হৈছে। এই অনুষ্ঠানতে ডিব্ৰু মহাবিদ্যালয়ৰ গ্রন্থাগাৰিক দীপিকা দাসৰ সম্পাদনাত প্ৰতিবছৰে প্ৰকাশ হৈ থকা গবেষণা পত্রিকা ‘গ্রন্থকুটী’ৰ ২০২৪ বৰ্ষৰ সংখ্যাটিও উন্মোচন কৰা হয়। অতি উন্নত মান ৰক্ষা কৰি যোৱা দহবছৰ ধৰি একেধাৰে প্ৰকাশ কৰি অহা এই গৱেষণা পত্রিকাখন উন্মোচক ড° জিতু বুঢ়াগোহাঁয়ে উচ্চ প্রশংসা কৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ডিব্ৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ তিনিগৰাকী কৃতী শিক্ষার্থীক সম্বর্ধনা জনোৱা হয়। ৰাজস্থানৰ জগদীশ প্রসাদ ঝাবৰমল টিব্ৰেৱালা বিশ্ববিদ্যালয়ত’A Comparative analysis of the postural framework and mudras in mati akhora of Assam and hatha yoga’ৰ বিষয়ে গৱেষণা কৰি থকা গৱেষিকা চয়নিকা গগৈ আৰু কলিকতাৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ত গৱেষণাৰ বাবে নিৰ্বাচিত হোৱা বাবুল দাসক সম্বর্ধনা জনোৱা হয়। লগতে ২০২৫ বৰ্ষত ডিব্ৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা স্নাতক চূড়ান্ত পৰীক্ষাত সর্বোচ্চ নম্বৰপ্ৰাপ্ত অনিতা কৰ্মকাৰক পূৰ্ববৰ্ষৰ দৰে ড° স্মৃতিৰেখা চেতিয়া সন্দিকৈয়ে এটি গ্রন্থৰ টোপোলা উপহাৰ দিয়ে। অনুষ্ঠানত দুলীয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় প্রধান ফুলজ্যোতি শইকীয়া আৰু সহকাৰী অধ্যাপক ড° লক্ষ্যজিৎ বুঢ়াগোহাঁই উপস্থিত থাকে আৰু ডি.ডি.আৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক কল্যান চন্দ্র গোস্বামী আৰু ৰুবুল দত্ত উপস্থিত থাকে। অনুষ্ঠানটোৰ সন্দর্ভত কল্যাণ গোস্বামী আৰু ফুলজ্যোতি শইকীয়াই উচ্চ প্রশংসা কৰে আৰু শলাগ লয়। ডিব্ৰু মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি ড° প্ৰণৱজ্যোতি গগৈকে প্রমুখ্য কৰি মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অতিথিবৃন্দৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। এই অনুষ্ঠানটিৰ আঁত ধৰাৰ লগতে আৰু শলাগ জ্ঞাপন কৰে ডিব্ৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° বিজু মৰাণে। জাতীয় সংগীতৰ পৰিৱেশনেৰে অনুষ্ঠানটি সামৰণি পৰে।