...

ঢকুৱাখনাত শিক্ষাবিদ – লেখক, সমাজ সংগঠক দেৱৰাম সূতৰ অভিনন্দন গ্ৰন্থ উন্মোচন

Spread the love

 

 

ঢকুৱাখনাত শিক্ষাবিদ – লেখক, সমাজ সংগঠক দেৱৰাম সূতৰ অভিনন্দন গ্ৰন্থ উন্মোচন

 

 

ঢকুৱাখনা:

ঢকুৱাখনা সম-জিলাৰ সমাজ জীৱনৰ পুৰোধা ব্যক্তি, হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ তথা লেখক- গৱেষক, বৈষ্ণৱ সাধক দেৱৰাম সূতৰ জীৱন আৰু কৰ্মৰ
ওপৰত আধাৰিত ৰাজহুৱাভাৱে প্ৰকাশ কৰা অভিনন্দন গ্ৰন্থ ‘সব্যাসাচী’ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।ঢকুৱাখনা নগৰৰ ৪ নং ৱাৰ্ডৰ ঘাঁহী গাঁৱস্থিত দেৱৰাম সূতৰ নিজা বাসগৃহত
অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিত্ব কৰে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা পদ্মা বৰাই। ঢকুৱাখনাৰ শৈক্ষিক, সাহিত্য, সংস্কৃতি, আৰু সদৌ অসম সূত সন্মিলনলৈ আগবঢ়াই অহা অৰিহণা সমূহৰ বিষয়ে বিভিন্নজন গুণী-জ্ঞানী লোকৰ লেখনিৰে সমৃদ্ধ কামাখ্যা শইকীয়াৰ সম্পাদনাত প্ৰকাশিত ‘সব্যাসাচী’ শীৰ্ষক অভিনন্দন গ্ৰন্থখনি উন্মোচন কৰে ঢকুৱাখনা মহাবিদ্যাল়য়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ভোলা গগৈয়ে।উন্মোচনী সভাত ভোলা গগৈয়ে দেৱৰাম সূতক উচ্চ প্ৰশংসা কৰি কয় যে -তেওঁ মানুহৰ মাজত থকা মানুহ ৷ সূতে নতুন প্ৰজন্মক জ্ঞান নিৰ্মাণ কৰিবপৰাকৈ পৈণত কৰাৰ সংগ্ৰাম কৰি আহিছে ৷দেৱৰাম সূতৰ সৰল জীৱন আৰু কৰ্মৰাজিৰ প্ৰসংগত তেওঁ কয় যিসকল মানুহে মানুহৰ মাজত থাকিব জানে, সামগ্ৰিকভাৱে মানুহৰ কল্যাণৰ বাবে কাম কৰে। সমাজৰ উত্তৰণৰ বাবে কাম কৰে সেই সকলকহে মানুহে স্মৰণ কৰে ৷উন্মোচক গগৈয়ে এগৰাকী ব্যক্তিৰ জীৱিত কালত অভিনন্দন গ্ৰন্হ প্ৰকাশ কৰাটো সাম্প্ৰতিক সময়ত এক শুভ লক্ষণ বুলি অভিহিত কৰি বৰ্তমান সময়ত এনে অভিনন্দন গ্ৰন্থৰ পৰিকল্পনা নিতান্তই প্ৰশংসনীয় বুলি উল্লেখ কৰি
তেঁও আৰু লগতে কয় যে -মানুহৰ জীৱন কালত স্বীকৃতিৰ বৰ প্ৰয়োজন আৰু এনে স্বীকৃতিয়ে মানুহক কাম কৰি যাবলৈ প্ৰেৰণা দিয়ে।শিক্ষাবিদ থানেশ্বৰ বৰাই বন্তি প্ৰজ্বলন আৰু মাধৱদেৱৰ বিৰচিত এটি ঘোষাৰে শুভাৰম্ভ কৰা গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি শিক্ষাবিদ ড° কেশৱ হাজৰিকাই ভাষণত জীয়াই থাকোতেই এজন মানুহক সন্মান জনাবৰ বাবে গ্ৰহণ কৰা প্ৰয়াসক শলাগ লোৱাৰ লগতে এনে কৰ্ম আন বহুতৰ বাবেই অনুকৰণীয় বুলি কয় ৷ সমাজ জীৱনলৈ আগবঢ়োৱাৰ স্বীকৃতি জীয়াই থকা অৱস্থাত লাভ কৰিবলৈ পোৱাতো সৌভাগ্যৰ কথা ৷আমাৰ সমাজত মানুহক জীৱিত অৱস্থাত স্বীকৃতি নিদি মৃত্যুৰ পিছত সোঁৱৰণি গ্ৰন্থ প্ৰকাশ কৰা হয়। কামাখ্যা শইকীয়া আৰু নিতুমনি বৰুৱাই আঁতধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত দেবোযানী বৰুৱা,সৌৰভ সূত আৰু ধনৰঞ্জন হাজৰিকাই কবিতা আৰু গীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ জীপাল কৰি তোলে।উন্মোচনী সভাত লেখক বলোৰাম দলে,শিক্ষাবিদ পূৰ্ণ লাহন, ভুবন চমুৱা, মিঠাৰাম চেতিয়া, অনিল বৰা ,সাংবাদিক পুলকজ্যোতি বৰা,, গ্ৰন্থ উপদেষ্টা তথা দেৱৰাম সূতৰ সহধৰ্মিনী কিৰণ সূত,অৱসৰপ্ৰাপ্ত শিক্ষক পৰম শংকৰ দত্তৰ লগতে অভিনন্দন গ্ৰন্থখনি বিভিন্ন লেখনিৰে সমৃদ্ধ কৰা ভালে সংখ্যক শুভাকাংক্ষী লোক উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *