গোৰ্খা জনগোষ্ঠীৰ দেউচী, ভয়লী, সংগীনি প্ৰতিযোগিতা
তিহাৰ সমাৰোহ সম্পন্ন
বালিপৰা:
গোৰ্খা মহাজাতিৰ ভাষা,সাহিত্য, সংস্কৃতি বিকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা চমাৰদলনি অঞ্চলৰ অনুষ্ঠান শ্ৰীময়ী সাহিত্য গোষ্ঠীৰ উদ্যোগত ১৯ অক্টোবৰত চতিয়াৰ চমাৰদলনিত দিনযোৰা কাৰ্যসূচীৰে জনগোষ্ঠীটোৰ পৰম্পৰাগত লোকনৃত্য দেউচী, ভয়লী আৰু সংগীনি নৃত্যৰ প্ৰতিযোগিতা আৰু তিহাৰ সমাৰোহ অনুষ্ঠিত কৰা হয় । শ্ৰীময়ী সাহিত্য গোষ্ঠীৰ সক্ৰিয় যুৱ সম্পাদিকা ৰিজু উপাধ্যায়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত সভানেত্ৰীত্ব কৰে সাহিত্য গোষ্ঠীটোৰ সভানেত্ৰী চন্দ্ৰা ছেত্ৰীয়ে । অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সাহিত্য অকাদেমীৰ অনুবাদ পুৰষ্কাৰপ্ৰাপ্ত সাহিত্যিক,সমালোচক, শিক্ষক ছত্ৰমান চুব্বাই ভাষণ প্ৰসংগত কয় যে সংস্কৃতি মানে হৈছে সমন্বয় । সমাজত সকলো জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ভাৱধাৰা অটুট ৰখাটো সকলোৰে জাতীয় দায়িত্ব । মাতৃসকলৰ কোনো নিজা ঘৰ নাথাকে ,মাতৃ য’তে যায় তাতে ঘৰ সাজে ।

সমন্বয়মূলক কাম-কাজত আগভাগ লৈ আহিছে । ” একেদৰে অনুষ্ঠানত গোৰ্খা সন্মিলন বিশ্বনাথ জিলা সমিতিৰ সভাপতি তথা ৰাষ্ট্ৰপতি পুৰষ্কাৰপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষক হৰি শৰ্মা আৰু সম্পাদক হেমন্ত ভট্টৰাইয়ে নিজ নিজ ভাষণত গোৰ্খা জনগোষ্ঠীৰ শৌৰ্য-বীৰ্য, মহানুভৱতা, গোৰ্খা জনগোষ্ঠীয় অনুষ্ঠানত পুৰুষৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান ইত্যাদি বিভিন্ন বিষয়ত আলোকপাত কৰে । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত চমাৰদলনি, মোনাবাৰী, ইত্যাদি বিভিন্ন ঠাইৰপৰা ভালেমান দেউচী, ভয়লী ,সংগীনি নৃত্যৰ দলে অংশগ্ৰহণ কৰে । গোৰ্খা জনগোষ্ঠীয় গীত-মাত, নৃত্য,বাদ্যৰ শব্দত মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল । অনুষ্ঠানটোত সাহিত্য অকাদেমীৰ অনুবাদ পুৰষ্কাৰপ্ৰাপ্ত সাহিত্যিক ,জ্যেষ্ঠ সমাজসেৱক, সংগঠক পূৰ্ণ কুমাৰ শৰ্মা, দৰং মহাবিদ্যালয়ৰ অধ্যাপক ড০ ঢুণ্ডিৰাজ উপাধ্যায় , শ্ৰীময়ী সাহিত্য গোষ্ঠীৰ সম্পাদিকা ৰিজু উপাধ্যায়ৰ লগতে সমূহ বিষয়ববীয়া, সংস্কৃতিপ্ৰেমী ভালেসংখ্যক ৰাইজ, চতিয়া আঞ্চলিক আগছুৰ বিষয়ববীয়াসকল উপস্থিত থাকি অনুষ্ঠান উপভোগ কৰে । অনুষ্ঠানৰ লগত সংগতি ৰাখি সাহিত্যিক ছত্ৰমান চুব্বাক আয়োজকে গোৰ্খা জনগোষ্ঠীয় ঢাকা টুপি, গামোছা, মানপত্ৰৰে “শ্ৰীময়ী বিশেষ সন্মান-২০২৫” আগবঢ়ায় । দেউচী প্ৰতিযোগিতাত প্ৰথম স্থান পাঁচগাঁও সংগম দেউচী দল, ভয়লী প্ৰতিযোগিতাত প্ৰথম মৰিসূঁতি ঠাকুৰবাৰী দল, আৰু সংগীনি প্ৰতিযোগিতাত ছ’ৰী বোৱাৰী সংগীনি দলে প্ৰথম স্থান দখল কৰে । অনুষ্ঠানতেই আটাইবোৰ বিজয়ী দলক পুৰস্কাৰসমূহ প্ৰদান কৰা হয় ।