ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ সম্পূৰ্ণ আৰু মেৰামতি নোহোৱালৈকে টোলগেট বন্ধৰ দাবী !
জনসাধাৰণৰ ওপৰত আৰ্থিক বোজা জাপি দিয়াৰ অভিযোগ
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ
চাইন অন ডেস্ক,৩ছেপ্টেম্বৰঃ

সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল কুমাৰ চুতীয়া আৰু সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত অভিযোগ কৰে যে, ৰাজ্যত প্ৰচলিত বিধি-বিধান আৰু জনস্বাৰ্থক আওকাণ কৰি একাংশ টোলগেট স্থাপন কৰি জনসাধাৰণৰ পৰা টোল কৰ সংগ্ৰহ কৰা হৈছে। শদিয়াৰ পৰা ধুবুৰী আৰু 
বিশেষকৈ উজনি অসম অভিমুখী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট-মৰাণ অংশকে ধৰি ৰাজ্যৰ বিভিন্ন পথৰ নিৰ্মাণ তথা উন্নয়ন এতিয়াও সম্পূৰ্ণ নোহোৱাৰ অভিযোগ উত্থাপন কৰি যুৱ পৰিষদে কয় যে, একাংশ পথৰ দুৰৱস্থা আৰু মেৰামতিৰ অভাৱৰ মাজতো পথ ব্যৱহাৰকাৰীৰ পৰা নিয়মীয়াকৈ টোল সংগ্ৰহ কৰা হৈছে। পথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব পালনত ব্যৰ্থ হৈ জনসাধাৰণৰ পৰা টোল সংগ্ৰহ কৰাটো চৰকাৰৰ দ্বৈত নীতিৰ এক জ্বলন্ত উদাহৰণ বুলিও নেতাদ্বয়ে মন্তব্য কৰে।

টোলগেটৰ ওচৰত কোনো বাহন বিকল হৈ পৰিলে অথবা ইন্ধন শেষ হৈ গ’লে পথ ব্যৱহাৰকাৰীক জৰুৰীকালীন সহায় আগবঢ়োৱাৰ ক্ষেত্ৰতো পৰ্যাপ্ত ব্যৱস্থা নথকাৰ অভিযোগ কৰে যুৱ পৰিষদে। কেৱল টোল কৰ সংগ্ৰহৰ ক্ষেত্ৰতে ব্যৱস্থাটো সক্ৰিয় হৈ থকা যেন পৰিলক্ষিত হয় বুলিও সংগঠনটোৱে মন্তব্য কৰে।
জনসাধাৰণৰ পৰা নিয়মীয়াকৈ টোল কৰ সংগ্ৰহ কৰাৰ বিপৰীতে টোলৰ ধন সংগ্ৰহ কৰা পথসমূহৰ যথাসময়ত মেৰামতি আৰু ৰক্ষণাবেক্ষণ কিয় কৰা নহয় বুলিও প্ৰশ্ন 
টোলগেট স্থাপনৰ ক্ষেত্ৰত নগৰাঞ্চলৰ নিকটৱৰ্তী এলেকা সম্পৰ্কীয় বিধিগত সীমাবদ্ধতাসমূহ কঠোৰভাৱে পালন কৰা উচিত বুলি উল্লেখ কৰি যুৱ পৰিষদে ৰহাৰ টোলগেটৰ অৱস্থানক লৈও প্ৰশ্ন উত্থাপন কৰে।
ইয়াৰ সমান্তৰালভাৱে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ পূৰ্বৰ বক্তব্যৰ প্ৰসংগও উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে। মন্ত্ৰীগৰাকীয়ে সংসদত ৬০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত এটাতকৈ অধিক 
সেয়েহে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ আৰু উন্নয়ন সম্পূৰ্ণ নোহোৱালৈকে, জৰাজীৰ্ণ পথসমূহ বিজ্ঞানসন্মতভাৱে মেৰামতি নকৰালৈকে আৰু পথ ব্যৱহাৰকাৰীৰ বাবে প্ৰয়োজনীয় মৌলিক তথা জৰুৰীকালীন সুবিধাসমূহ নিশ্চিত নকৰালৈকে সংশ্লিষ্ট টোলগেটসমূহত টোল কৰ সংগ্ৰহ বন্ধ ৰখাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদে।লগতে ৰাজ্যৰ প্ৰতিটো টোলগেটৰ বৈধতা, দূৰত্বৰ ব্যৱধান, অৱস্থান, পথ নিৰ্মাণৰ অগ্ৰগতি আৰু টোল সংগ্ৰহৰ বিধিগত ভিত্তি ৰাজহুৱা কৰাৰ লগতে জনসাধাৰণৰ অভিযোগৰ বাবে বিনামূলীয়া আৰু সহজলভ্য অভিযোগ ব্যৱস্থা নিশ্চিত কৰিবলৈও চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনায় সংগঠনটোৱে।