...

ডিব্ৰুগড়ৰ পাৰিজাত একাডেমিত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱসৰ উল্লাস আঁচনি

ডিব্ৰুগড়ৰ পাৰিজাত একাডেমিত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱসৰ উল্লাস আঁচনি

চাইন অন ডেস্ক,৩ছেপ্তেম্বৰ:

২০২২ চনৰ নতুন শিক্ষা নীতিৰ আধাৰত ডিব্ৰুগড় জিলাত ১ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ জিলা শিক্ষা বিভাগৰ অধীনত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱসৰ কাৰ্যসূচী অংশ হিচাপে কালি ডিব্ৰুগড়ৰ পাৰিজাত একাডেমিত সামাজিক শিক্ষাৰ ওপৰত সৰ্বসাধাৰণ ৰাইজক উল্লাস আঁচনিখন বিষয়ে সবিশেষ অবগত কৰা লক্ষ্যৰে অনুষ্ঠিত হয় এই সজাগতা সভা।জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে দুখনকৈ মহাবিদ্যালয়কো সামৰি লোৱা হৈছে। পাৰিজাত একাডেমিৰ শিক্ষয়িত্ৰী মায়া শইকীয়াই আদৰণি জনোৱা সভাত ডিব্ৰুগড় জিলা প্রাপ্তবয়স্কৰ শিক্ষা বিভাগৰ পৰ্যবেক্ষক তথা জিলা সমন্বয়ক হেমন্ত হাজৰিকা, সহকাৰী সমন্বয়ক অনিল প্রসাদ সিংহ, প্রাপ্তবয়স্ক শিক্ষা বিভাগৰ পৰ্যবেক্ষক গুনীন শেনচোৱা, মনমী চুতীয়া,পৰশমনি হাজৰিকা, ঝৰ্না শইকীয়া, ইমন গগৈ , চয়নিকা গগৈ,নীহাৰিকা দিহিঙীয়া, মুচকান খনিকৰ, আদিত্য চাহুৰ লগতে সমাজ সংগঠক ধ্ৰুৱ চেতিয়া উপস্থিত থাকে।নিৰক্ষৰ সমাজক চিনাক্ত কৰা আৰু সকলোকে নিয়ন্ত্ৰণ কৰি আমাৰ সমাজৰ পৰা নিৰক্ষৰতা কেনেদৰে দূৰ কৰিব পাৰি সেই বিষয়ত আলোকপাত কৰি উপস্থিত সমল ব্যক্তি সকলে ছাত্ৰ-ছাত্ৰী সকলক বুজাই দিয়াৰ লগতে-নিজৰ পঢ়া শুনাৰ উপৰিও সমাজৰ -দহৰ মংগলৰ বাবে-এই -স্বাক্ষৰতা বিষয়ে অৱগত কৰিবলৈ -আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *