...

ডিব্ৰুগড়ত ডাকঘৰত জমা ধনৰ নামত কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগ

ডিব্ৰুগড়ত ডাকঘৰত জমা ধনৰ নামত কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগ

পলাতক তিনি এজেণ্টৰ বিৰুদ্ধে এজাহাৰ দাখিল

চাইন অন ডেস্ক,২৮ অক্টোবৰঃ

ভৱিষ্যতৰ নিৰাপত্তা নিশ্চিত কৰাৰ আশাৰে ডাকঘৰ আৰু ফিক্সড ডিপ’জিট (এফ ডি) আঁচনিত জমা কৰা ধন সৰকোৱাৰ অভিযোগ উঠিছে। গ্ৰাহকৰ কোটি টকাৰ জমা ধন আত্মসাতৰ অভিযোগ তুলি তিনিগৰাকী এজেণ্টৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ। নিজৰ কষ্টোপাৰ্জিত ধন ঘূৰাই পোৱাৰ অনিশ্চয়তাত এতিয়া দিশহাৰা হৈ পৰিছে ভুক্তভোগী গ্ৰাহকসকল। ভুক্তভোগী গ্ৰাহকসকলে অভিযোগৰ আঙুলি টোৱাইছে এলআইচি আৰু ডাকঘৰৰ এজেণ্ট হিচাপে কাম কৰা ৰতন পাল, ৰাজীৱ পাল আৰু পল্লৱী দত্ত পালৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, ডিব্ৰুগড়ৰ

বাজবাৰীৰ কমলালয় পথৰ বাসিন্দা এই তিনিগৰাকী এজেণ্টে বিভিন্ন গ্ৰাহকৰ পৰা ডাকঘৰত ধন জমা কৰা আৰু ফিক্সড ডিপ’জিট কৰাৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল। কিন্তু সংগ্ৰহ কৰা ধনৰ একাংশ ডাকঘৰত জমা নকৰাৰ লগতে এফ ডি কৰাৰ নামতো ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগীসকলৰ অভিযোগ অনুসৰি, বহু গ্ৰাহকে ভৱিষ্যতৰ সঞ্চয়, সন্তানৰ শিক্ষা, পাৰিবাৰিক প্ৰয়োজন আৰু বৃদ্ধাৱস্থাৰ নিৰাপত্তাৰ কথা চিন্তা কৰি এজেণ্টকেইজনৰ হাতত ধন জমা দিছিল। নিয়মীয়াকৈ সঞ্চয় কৰাৰ উদ্দেশ্যেৰে আগবঢ়োৱা এই ধন এতিয়া ঘূৰাই পোৱাৰ অনিশ্চয়তাই

গ্ৰাহকসকলক গভীৰ উদ্বিগ্নতাত পেলাইছে। ঘটনাই নতুন মোৰ লয় যেতিয়া একাংশ গ্ৰাহকে নিজৰ জমা ধনৰ হিচাপ আৰু জমা কৰাৰ ৰচিদ বিচাৰিবলৈ আৰম্ভ কৰে। অভিযোগ অনুসৰি, গ্ৰাহকসকলৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে এজেণ্টকেইজনে বিষয়টো এৰাই চলিবলৈ চেষ্টা কৰিছিল। ইয়াৰ পিছতে দুৰ্গা পূজাৰ সময়ছোৱাত তিনিওজন এজেণ্ট পৰিয়ালসহ নিৰুদ্দেশ হোৱা বুলি ভুক্তভোগীসকলে অভিযোগ কৰিছে। তেওঁলোকৰ ম’বাইল ফোনো বন্ধ হৈ থকা বুলি গ্ৰাহকসকলে জানিবলৈ দিছে। এই

ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে নিজৰ জমা ধনৰ নিৰাপত্তাক লৈ উদ্বিগ্ন হৈ পৰিছে সংশ্লিষ্ট গ্ৰাহকসকল। বহু পৰিয়ালে ভৱিষ্যতৰ পৰিকল্পনা আৰু জৰুৰী প্ৰয়োজনৰ বাবে সাঁচি ৰখা ধন হেৰুৱাবলগীয়া হোৱাৰ আশংকাত ভুগিছে। বছৰ বছৰ ধৰি কষ্ট কৰি সাঁচি ৰখা ধন ঘূৰাই পোৱাৰ আশা ক্ষীণ হৈ পৰাৰ আশংকাই তেওঁলোকক অধিক চিন্তিত কৰি তুলিছে। আনহাতে সংগ্ৰহ কৰা ধনৰ পৰিমাণ, ধনসমূহ প্ৰকৃততে ক’ত আৰু কেনেদৰে ব্যৱহাৰ কৰা হৈছিল, লগতে ডাকঘৰ আৰু এফ ডিৰ নামত সংগ্ৰহ কৰা ধনৰ প্ৰকৃত স্থিতি নিৰ্ধাৰণৰ বাবে তদন্তৰ প্ৰয়োজন বুলি দাবী কৰিছে ভুক্তভোগীসকলে। তেওঁলোকে নিজৰ কষ্টোপাৰ্জিত ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰাৰ লগতে অভিযোগৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে।ইপিনে, এই ঘটনাই এজেণ্টৰ জৰিয়তে সঞ্চয় কৰা ধনৰ নিৰাপত্তা আৰু জমা ধনৰ প্ৰামাণিক নথি-পত্ৰ সংৰক্ষণৰ গুৰুত্বৰ বিষয়টোও পুনৰ চৰ্চালৈ আনিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *