...

ঢকুৱাখনাত কাতিতে কলপকা দিছে ধানে!

ঢকুৱাখনাত কাতিতে কলপকা দিছে ধানে!

হেঁপাহৰ পথাৰখনৰ আমোলমোল গোন্ধত ভাগৰ হেৰাইছে কৃষকৰ

পুলকজ্যোতি বৰা,ঢকুৱাখনা,২৮ অক্টোবৰ:

কাতিতে কলপকা দিছে ধানে।কৃষকৰ নাকেৰে উজাই আহিছে পকা ধানৰ ফুৰফুৰীয়া গোন্ধ।দাৱনীৰ খিল খিলি জাকৈৱা হাঁহিৰ জোৱাৰ উঠিছে পথাৰত।কাতিৰ গা-ভৰা পথাৰ।
প্ৰাণচঞ্চলা পথাৰ ভৰিছে সোণৰঙী ধানেৰে।
এয়া কৃষকৰ বাবে সোণসেৰীয়া সময়।চহা কৃষকৰ বুকুৱে বুকুৱে নতুন উদ্যমে এঙামুৰি দিয়াৰ বতৰ।গাভৰু সোণগুটিয়ে সোণোৱালী সপোন ৰচিছে কৃষকৰ মনত।কিয়নো,চহা কৃষকৰ সোণোৱালী পথাৰতে আছে মিঠা মিঠা লগা এটা মৰমৰে গীত।এতিয়া কাতি মাহ।
আঘোণলৈও এতিয়াও বহুদিন বাকী,কিন্তু কাতি মাহতেই ঢকুৱাখনাৰ বিস্তীৰ্ণ পথাৰত সোণালী হৈছে ধাননি।পকা ধানৰ আমোল মোল গোন্ধই মতলীয়া কৰি তুলিছে কৃষকৰ মন-প্ৰাণ।পকা ধানে ৰিঙিয়াই মাতিছে কৃষক -দাৱনীক ।বতাহত হালি জালি নাচি থকা সোণালী ধাননি দৰাই কৃষকৰ মনলৈ কঢ়িয়াই আনিছে অপাৰ আনন্দ।
আঘোণ আঘোণ লগা পৰিৱেশ এতিয়া ঢকুৱাখনাৰ একাংশ কৃষি পথাৰত।আঘোনলৈ আৰু মাজত কেইবাটাদিন বাকী থাকোতেই জাক জাক দাৱনীয়ে হাতত কাঁচি লৈ নামি পৰিছে সোণোৱালী ধান চপোৱাত ।কপালত ঘাম আৰু হাতত পকা ধানৰ পাতৰ আঁচোৰ ,অথচ বুকুত অপাৰ আনন্দ। দাৱনী সকলৰ হাঁহি – খিকিন্দালীৰে মুখৰিত হৈ পৰিছে বৃস্তীৰ্ণ পথাৰ। বিস্তীৰ্ণ কৃষি পথাৰত মলয়াৰ বা লাগি আনন্দত নাচি উঠা সোণোৱালী লখিমীৰ জিৰজিৰ শব্দ , কাচিৰ খচখচনি আৰু আৰু বিৰিয়াৰ ঝনঝনা শব্দই যেন সৃষ্টি কৰিছে এক অনবদ্য সুৰ। আনপিনে দাৱনীৰ সমানে সোণগুটিৰ ডাঙৰী বান্ধি ঘৰলৈ অনাত ব্যস্ত কৃষকসকল । হেঁপাহৰ পথাৰ খনৰ আমোলমোল গোন্ধত যেন ভাগৰ হেৰাইছে কৃষকৰ।আঘোণৰ পথাৰৰ সোণোৱালী ধাননি দৰা চপাই থকাৰ মাজতে কোনোৱে জুৰিছে বিহু নাম, দূৰৈৰ পৰা ভাঁহি আহিছে ঐনিতম। পুৱাৰ পৰা গধূলিলৈকে প্রায় মাহযোৰা কঠোৰ পৰিশ্ৰম।হাঁহি-খিকিন্দালীৰ মাজেৰেই হাতৰ মুঠিত আলফুলে বান্ধিছে বছৰযোৰা সপোনবোৰ। আনন্দ উলাহৰ মাজেৰেই দুপৰীয়া কলপাতত নিমখ জলকীয়াৰে পথাৰৰ মাজত আলিত বহি জুতি লৈছে ৰবাব টেঙাৰ।আনহাতে কৃষকসকলৰো আহৰি নাই। কোনোজনে তমাল চাঁচিছে।কোনোজনে দাৱনীৰ সমানে সমানেই শান দিয়া কাঁচিৰে ধানৰ আগ কাটি ৬ মুঠিৰে সাঁজিছে ঠৰ। কান্ধভাৰ কৰি দাঙি নিছে বছৰটোৰ সাহস, পৰিয়ালটোৰ প্রত্যয়। ঘৰমুৱা বেলিটো মূৰতে লৈ। হেঁপাহৰ পথাৰখনৰ আমোলমোল গোন্ধত যেন ভাগৰ হেৰাইছে কৃষকৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *