ডিব্ৰুগড়ৰ বৰবাৰী আৰক্ষী চকীত ভয়ংকৰ অঘটন
চোকা অস্ত্ৰৰে ডিঙি ৰেপি আত্মহত্যাৰ চেষ্টা উৰিষ্যাৰ আচামীৰ
চাইন অন ডেস্ক:
এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ বৰবাৰী আৰক্ষী চকীত।আৰক্ষীৰ সন্মুখতেই ডিঙি ৰেপি আত্মহত্যাৰ প্ৰচেষ্টা এজন আচামীৰ। আচামীটো উৰিষ্যাৰ প্ৰশান্ত পাল বুলি জানিব পৰা গৈছে।আজি সংঘটিত এই ঘটনাই সমগ্ৰতে ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।অভিযোগ অনুসৰি প্ৰশান্ত পাল নামৰ এজন ব্যক্তিক বৃহৎ ধনৰ লেনদেনৰ অভিযোগত উৰিষ্যাৰ আৰক্ষীয়ে আটক কৰি ডিব্ৰুগড়ৰ বৰবাৰী আৰক্ষী চকীত ৰাখোতেই সংঘটিত হয় এই ভয়ংকৰ ঘটনা।সম্প্ৰতি আহত ব্যক্তি জনক অসম মেডিকেল কলেজলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। প্ৰশান্ত পালৰ ঘৰ উৰিষ্যাৰ
কটকত বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, প্ৰশান্ত পালৰ বিৰূদ্ধে উৰিষ্যাত বৃহৎ ধনৰ লেনদেনৰ কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈ আহিছিল। দীৰ্ঘ দিন ধৰি প্ৰশান্ত পালে ভাৰতৰ বিভিন্ন ঠাইত আত্মগোপন কৰি থকাৰ লগতে আৰক্ষীয়ে বিচাৰি অভিযান চলাই আছিল বিভিন্ন ঠাইত। পূৰ্বতে কলিকতাত আত্মগোপন কৰাৰ পিছত কেইদিন মানৰ পূৰ্বে ডিব্ৰুগড়ৰ পল্টনবজাৰৰ এখন হোটেলত আত্মগোপন কৰি আছিল প্ৰশান্ত পালে। আজি গোপন সূত্ৰৰ পম খেদি উৰিষ্যাৰ আৰক্ষীয়ে পল্টনবজাৰৰ হোটেল খনৰ পৰা আটক কৰি স্থানীয় বৰবাৰী আৰক্ষী চকীত ৰাখি থৈছিল অভিযুক্ত প্ৰশান্ত পালক। কিন্তু বৰবাৰী আৰক্ষীৰ জিম্মাত থকাৰ অৱস্থাতেই চোকা অস্ত্ৰৰে ডিঙিত ৰেপি আত্মহত্যা কৰিবলৈ চেষ্টা
কৰে অভিযুক্ত প্ৰশান্ত পালে। এতিয়া আৰক্ষীৰ জিম্মাত থকাৰ অৱস্থাত এগৰাকী আচামীয়ে কেনেকৈ চোকা অস্ত্ৰ পাবলৈ সক্ষম হ’ল ইয়াকে লৈ বহু প্ৰশ্নৰ অৱতাৰণা হৈছে। এতিয়া অসমৰ স্মাৰ্ট আৰক্ষীৰ এই কাণ্ডই ডিব্ৰুগড়ৰ বৰবাৰী আৰক্ষী চকীয়ে উৰিষ্যা আৰক্ষীৰ ওচৰত নাক কাতিলে বুলিও সৰব চৰ্চা চলিছে।স্বাভাৱিকতে
এই কাণ্ডই অসমৰ স্মাৰ্ট আৰক্ষীৰ ফোঁপোলা স্বৰূপ উদঙাই দিলে।