...

অসম-মেঘালয় সীমান্তৰ তাপাত অঞ্চলত পুনৰ খাছী দুৰ্বৃত্তৰ আক্ৰমণ

Spread the love

 

 

অসম-মেঘালয় সীমান্তৰ তাপাত অঞ্চলত পুনৰ খাছী দুৰ্বৃত্তৰ আক্ৰমণ

 

সীমান্তৰ বাউণ্ডেৰী পিলাৰ বিস্ফোৰক সামগ্ৰীৰে বিনষ্ট
শালি খেতিৰ বিষ্টৰ ক্ষতি সাধন, চাং ঘৰত অগ্নি সংযোগ

বৈঠালাংছ:

অসম-মেঘালয় সীমান্তৰ দীৰ্ঘদিনীয়া সীমা সমস্যাই সময়ে সময়ে দুই ৰাজ্যৰ সীমান্তবাসীৰ মাজত ভয়ংকৰ সংঘাতৰ সৃষ্টি কৰি আহিছে। বিশেষকৈ মেঘালয়ৰ ৰাজ্যৰ একাংশ দুৰ্বৃত্তই অসমৰ ভূমি বলপূৰ্বক দখল কৰাৰ লক্ষ্য লৈ অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা কৰা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ যোৱা শনিবাৰে খাছী দুৰ্বৃত্তই অসম-মেঘালয় সীমান্তৰ তাপাত অঞ্চলত অৱস্থিত বাউণ্ডেৰীৰ পকী পিলাৰ বিস্ফোৰক সামগ্ৰী ব্যৱহাৰ কৰি বিনষ্ট কৰি পেলায়। নিশাৰ আন্ধাৰৰ সুযোগ লৈ কোনো খাছী দুৰ্বৃত্তই বাউণ্ডেৰী পকী পিলাৰত বিস্ফোৰণ ঘটোৱাৰ লগতে খেতি পথাৰত থকা চাং ঘৰত অগ্নি সংযোগ কৰি ভস্মীভূত কৰে।
ইফালে দুস্কৃতিকাৰীয়ে শালিধান খেতিৰো বিস্তৰ ক্ষতি সাধন কৰাৰ খবৰ পোৱা গৈছে।

উল্লেখযোগ্য যে সীমান্তৰ তাপাত অঞ্চলত দুস্কৃতিকাৰীয়ে এনে ঘটনা সংঘটিত কৰাৰ তথ্য লাভ কৰি কাৰ্বি ছাত্ৰ সন্থাৰ হামৰেণ মাণ্ডলিক সমিতিৰ এক সঁজাতী দল তাপাত অঞ্চলত উপস্থিত হৈ অসমৰ সীমান্তবাসী লোকসকলৰ সৈতে উক্ত অঞ্চল পৰিদৰ্শন কৰাৰ সময়তে পুনৰ একাংশ খাছী দুস্কৃতিকাৰীয়ে সঁজাতী দলটোৰ লগত সংঘাতৰ সৃষ্টি কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

বহু সময়লৈকে মেঘালয়ৰ দুৰ্বৃত্তই তাপাত অঞ্চলটোত পৰিস্থিতি উত্তপ্ত কৰি ৰাখে যদিও অসমৰ সীমান্তৰ ৰাইজে দুৰ্বৃত্তৰ দলটোক খেদি পঠিয়াবলৈ সক্ষম হয়। এই ঘটনাৰ পিছতে পুনৰ সীমান্তৰ ৰাইজৰ মাজত চেপা উত্তেজনাই বিৰাজ কৰিছে। ইফালে উক্ত ঘটনাস্থলীত উপস্থিত থকা কাৰ্বি ছাত্ৰ সন্থাৰ হামৰেণ মাণ্ডলিক সমিতিৰ সঁজাতী দলটোয়ে সাংবাদিকেৰে হোৱা এক বাৰ্তালাপত অভিযোগ কৰি কয় যে অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ,ৰাজ্য তথা কাৰ্বি পৰিষদে ফলপ্ৰসু ভূমি লোৱাৰ পৰিৱৰ্তে Give and Take নীতিৰ জৰিয়তে সীমান্তৰ সমস্যা অধিক অৱনতি কৰাতহে অৰিহণা যোগাইছে। চৰকাৰৰ দিয়া লোৱা নীতি প্ৰৱৰ্ত্তন কৰাৰ পিছত মেঘালয়ৰ খাছী দুৰ্বৃত্তই দুগুণ উৎসাহেৰে আগ্ৰাসন চলাই গৈছে।

খাছী দুৰ্বৃত্তৰ আগ্ৰাসী মনোভাৱৰ বাবে অসমৰ লোকসকলে নিতৌ ভয়-শংকাৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে বুলি ছাত্ৰ সংগঠনটোৱে অভিযোগ কৰিছে। চৰকাৰে এই ক্ষেত্ৰত অনতিপলমে এক ফলপ্ৰসু সমাধানৰ ব্যৱস্থা নকৰিলে আগন্তুক সময়ত সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বহু কঠিন হৈ পৰিব বুলিও ছাত্ৰ সংগঠনটোৱে সদৰি কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *