...

চকুৰ সমুখতে লুইতত জাহ গল এখন মছজিদ

চকুৰ সমুখতে লুইতত জাহ গল এখন মছজিদ

 

🎯খহনীয়াই বিলীন কৰি আছে ফকিৰগঞ্জত
🎯প্ৰতিৰোধৰ বাবে মন্ত্ৰী পিষুস হাজৰিকাক আহ্বান

মানকাচৰ:

চকুৰ সমুখতে লুইতত জাহ গল এখন মছজিদ।

এটাৰ পিছত এটা ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান ঘৰ বাৰী খহনীয়াই বিলীন কৰি আছে ফকিৰগঞ্জত।খহনীয়া প্ৰতিৰোধৰ বাবে মন্ত্ৰী পিষুস হাজৰিকাক আহ্বান।

দক্ষিণ পাৰ খ্যাত বৃহত্তৰ ফকিৰগঞ্জ অঞ্চলত ১৯৮৮ চনৰ পৰা খহনীয়াই তাণ্ডব চলাই আহিছে।
যোৱা ডেৰ মাহ ধৰি ফকিৰগঞ্জৰ ওৱাহাব বাজাৰ,লোক নিৰ্মাণ বিভাগৰ পথছোৱা, মছজিদ ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াই বিলীন হোৱাৰ পিছত ফকিৰগঞ্জ অঞ্চলৰ বাশমুৰা জামে মছজিদ খন ব্ৰহ্মপুত্ৰ নদীত জাহ যায়।

পকী মছজিদটো চকুৰ সন্মুখতে নদীৰ বুকুত জাহ যোৱাত অঞ্চলবাসী ৰাইজে আতংকিত হৈ পৰে।
খহনীয়াৰ কালৰূপ ধাৰণ কৰা অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয় মন্ত্ৰী পিষুস হাজৰিকা তথা সংশ্লিষ্ট বিভাগক কাতৰ অনুৰোধ জনাইছে অঞ্চলবাসী ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *