...

চৰাইদেউৰ চুমনী গাঁৱত বানপীড়িত ২৬০ৰ অধিক পৰিয়াললৈ সাহায্য

চৰাইদেউৰ চুমনী গাঁৱত বানপীড়িত ২৬০ৰ অধিক পৰিয়াললৈ সাহায্য

সামগ্ৰী বিতৰণ কৰিলে ৰ’টাৰী ক্লাব অৱ ডিব্ৰুগড়ে

চাইন অন ডেস্ক,২৯জুলাইঃ

সমাজসেৱাৰ প্ৰতি নিজৰ অংগীকাৰ পুনৰ দৃঢ় কৰি ৰ’টাৰী ক্লাব অৱ ডিব্ৰুগড়ে ৰ’টাৰেক্ট ক্লাব অৱ ডিব্ৰুগড়ৰ সহযোগত ২৮ জুলাইত চৰাইদেউ জিলাৰ বানপীড়িত অঞ্চলসমূহত এক বৃহৎ সাহায্য বিতৰণ অভিযান ৰূপায়ণ কৰে।এই উপলক্ষে ৰ’টেৰিয়ান আৰু ৰ’টাৰেক্টৰ সদস্যসকলৰ এটা দলে বিশেষকৈ চুমনী গাঁও পৰিদৰ্শন কৰি শেহতীয়া বানত ক্ষতিগ্ৰস্ত ২৬০ৰো অধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী, দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী আৰু বস্ত্ৰ বিতৰণ কৰে।এই সাহায্য সামগ্ৰীসমূহ ক্লাবৰ সদস্য, দাতাসকল আৰু শুভাকাংক্ষীৰ উদাৰ সহযোগিতাত সংগ্ৰহ কৰা হৈছিল।অনুষ্ঠানত ৰ’টাৰী ক্লাব অৱ ডিব্ৰুগড়ৰ সভাপতিয়ে কয় যে, সংকটৰ সময়ত ৰ’টাৰী সদায় জনসাধাৰণৰ কাষত থিয় দিয়ে আৰু ভৱিষ্যতেও প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলক সহায় আগবঢ়াই যাব। তেওঁ এই অভিযান সফল কৰি তোলাত অৱদান আগবঢ়োৱা সকলো ৰ’টেৰিয়ান, ৰ’টাৰেক্টৰ সদস্য, স্বেচ্ছাসেৱক আৰু দাতাসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
ক্লাবে জনায় যে, অহা ৯ আগষ্টত চৰাইদেউ জিলাৰ তেঙাপুখুৰী গাঁৱৰ তেঙাপুখুৰী এমভি স্কুল, দৰাৰা গাঁওত এক বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ’ব। প্ৰায় ১৫ জন চিকিৎসকৰ এটা দলে এই শিবিৰত স্বাস্থ্যসেৱা আগবঢ়াব।ইয়াৰ উপৰিও, অসমৰ আন আন বানপীড়িত অঞ্চলতো অধিক সাহায্য বিতৰণ অভিযান চলোৱাৰ পৰিকল্পনা কৰিছে ৰ’টাৰী ক্লাব অৱ ডিব্ৰুগড়ে। ক্লাবে সমাজৰ ব্যক্তি, অনুষ্ঠান আৰু সংগঠনসমূহক আগবাঢ়ি আহি এই সাহায্য কাৰ্যসূচীত সহযোগিতা কৰাৰ আহ্বান জনাইছে, যাতে অধিক সংখ্যক বানপীড়িত পৰিয়ালে সময়মতে সহায় লাভ কৰিব পাৰে।
উল্লেখ্য যে, ১৯৬৫ চনৰ পৰা ৰ’টাৰী ক্লাব অৱ ডিব্ৰুগড়ে স্বাস্থ্য, শিক্ষা, পৰিৱেশ সংৰক্ষণ, দুৰ্যোগ সাহায্য আৰু সামূহিক উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন সমাজসেৱামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু ৰ’টাৰীৰ মূলমন্ত্ৰ “Service Above Self”-ক সাৰ্থকভাৱে বাস্তৱায়িত কৰি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *