অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন, ২০২৬
এক্সিট প’ল আৰু মতামত সমীক্ষা প্ৰচাৰত নিষেধাজ্ঞা
চাইন অন ডেস্ক:
ভাৰতৰ নিৰ্বাচন আয়োগে জন প্রতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১২৬এ (১) অনুসৰি প্ৰদান কৰা ক্ষমতাৰ আধাৰত আৰু ধাৰা ১২৬এ (২)ৰ বিধানসমূহ বিবেচনা কৰি, অসম বিধান সভাৰ সাধাৰণ নির্বাচন ২০২৬ সম্পর্কত এক্সিট প’ল অনুষ্ঠিত কৰা আৰু তাৰ ফলাফল প্ৰচাৰ বা প্ৰকাশ কৰাৰ ক্ষেত্রত নিষিদ্ধ সময়সীমা ঘোষণা কৰিছে।

তদুপৰি জন প্রতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১২৬ (১) (খ) অনুসৰি, নিৰ্বাচনৰ ভোটগ্রহণ সমাপ্তিৰ বাবে নিৰ্ধাৰিত সময়ৰ আগৰ ৪৮ ঘণ্টাৰ ভিতৰত যিকোনো বৈদ্যুতিন মাধ্যমত নির্বাচন সম্পর্কীয় যিকোনো বিষয়বস্তু প্ৰচাৰ কৰা, মতামত সমীক্ষা (opinion poll) বা অন্য কোনো সমীক্ষাৰ ফলাফল প্রদর্শন সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব।
অসম বিধান সভাৰ সাধাৰণ নির্বাচন ২০২৬ মুক্ত, নিকা আৰু নিৰপেক্ষভাৱে অনুষ্ঠিত কৰিবলৈ অসমৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে ছপা আৰু বৈদ্যুতিন সকলো সংবাদ প্রতিষ্ঠান, সংস্থা আৰু সংশ্লিষ্ট সকলো পক্ষক এই বিধানসমূহ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে।