আমেৰিকা হৈ পৰিব দেউলীয়া ?
পদত্যাগৰ পাছতে ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে সৰৱ ইলন মাস্ক
আমেৰিকা বিপদত পৰিব পাৰে ! এই সকিয়নী টেছলাৰ মুৰব্বী ইলন মাস্কৰ। ডনাল্ড ট্ৰাম্প প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পদবী ত্যাগ কৰাৰ পিছতে ইলন মাস্কে আমেৰিকাৰ সন্দৰ্ভত কৰা এই মন্তব্যই বিশেষ তাৎপৰ্যবহন কৰিছে।
আমেৰিকা চৰকাৰৰ পদবী ত্যাগ কৰাৰ পিছৰে পৰা তেওঁ ট্ৰাম্পৰ ব্যয় বিধেয়কক সমালোচনা কৰি আহিছে। এক সাক্ষাৎকাৰত তেওঁ এই বিধেয়কক হতাশাজনক বুলিও অভিহিত কৰিছে।