প্ৰসূতি বিভাগত নৱজাতক সলনি
ডিব্ৰুগড় মেডিকেল কলেজ কতৃপক্ষই নিজৰ স্থিতি কৰিলে ৰাজহুৱা
শিশুটি বর্তমানে অসম চিকিৎসা মহাবিদ্যালয়ৰ
Neonatal ICU (NICU) বিভাগত চিকিৎসাধীন হৈ আছে
চাইন অন ডেস্ক:
ব্যাপক প্ৰতিক্ৰিয়া আৰু সকলোতে ব্যাপক হৈ চৈ হোৱাৰ পাছত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ কতৃপক্ষই নিজৰ স্থিতি ৰাজহুৱা কৰিলে।ডিব্ৰুগড়ৰ মেডিকেল কলেজৰ প্ৰসূতি বিভাগৰ আই চি ইউৰ পৰা এক নৱজাতক সলনি হোৱাক কেন্দ্ৰ কৰিয়েই হৈছিল ব্যাপক প্ৰতিক্ৰিয়া আৰু সমালোচনা।ঘটনাটো আছিল এনেধৰণৰ–প্ৰাপ্ত অভিযোগ অনুসৰি ডিব্ৰুগড় জিলাৰ টিংখাং শালমাৰিৰ এহাল দম্পতিৰ নৱজাত সন্তানক সলনি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।অভিযোগ অনুসৰি যোৱা ২৯ আগষ্টত নৱজিত গগৈয়ে নিজ সন্তানসম্ভৱা পত্নী জোনটি মেচ গগৈক অসম মেডিকেল কলেজৰ প্ৰসূতি বিভাগত ভৰ্তি কৰিছিল আৰু পৰৱৰ্তী সময়ত ৩০ আগষ্টৰ পুৱা এটি পুত্ৰ সন্তান প্ৰসৱ কৰিছিল।ইফালে নৱজাতকটি জন্মৰ পাছতে এক সংক্ৰমিত ৰোগত আক্ৰান্ত হোৱাত চিকিৎসকে বিভাগৰে আই চি ইউলৈ প্ৰেৰণ কৰিছিল।নৱজাতকক সময়ে সময়ে আই চি ইউ লৈ গৈ পিতৃ-মাতৃয়ে দেখা কৰি আহিছিল।কিন্তু ৪ ছেপ্তেম্বৰৰ সন্ধিয়া শিশুটি পিতৃ-মাতৃয়ে প্ৰত্যক্ষ কৰি হতবাক হয় যে নিদিষ্ট আসনত ৰখা শিশুটি তেওঁলোকৰ নহয়।নৱজাতকক সলনি কৰি আইচিইউৰ অন্য শিশুৰ বিচনাত ৰখাৰ অভিযোগ কৰে দম্পতীহালে।ঘটনাৰ সন্দৰ্ভত দম্পতীহালে
ডিব্ৰুগড়ৰ মেডিকেল কলেজৰ কৰ্তৃপক্ষক অৱগত কৰে।আনহাতেদি ওলোটাই মেডিকেলৰ প্ৰসূতি বিভাগৰ চিকিৎসক-নাৰ্ছ কৰ্মচাৰীয়ে পিতৃ-মাতৃক ভয়-ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী পিতৃ-মাতৃয়ে স্থানীয় বৰবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।
এই সংবাদ বিয়পি পৰাৰ পাছত অসম মেডিকেল কলেজ কতৃপক্ষৰ হৈ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি আৰু অধীক্ষক ডাঃ ধ্ৰুবজ্যোতি ভূঞাই স্পষ্টীকৰণ দাঙি ধৰি কয় যে বিগত দুদিন বিভিন্ন সামাজিক মাধ্যম আৰু প্ৰচাৰ মাধ্যমত অসম চিকিৎসা মহাবিদ্যালয়ৰ
