বিধায়ক শ্বেৰমান আলীৰ খং ?
অভিযন্তাক অকথ্য ভাষাৰে ককৰ্থনা ! কিন্তু কিয় ?
সবিশেষ কমেন্ট বস্কত
চাইন অন ডেস্ক:

বৰপেটা লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা এপলো হুছেইনক এইদৰে ৰাইজৰ মাজত অপদস্থ কৰি ধমকি দিলে বিধায়ক শ্বেৰমান আলীয়ে।
দলং নিৰ্মানৰ সঠিক ঠাই দেখুৱাই দিব নোৱাৰাৰ বাবেই অভিযন্তা গৰাকীক এইদৰে অভব্য আচৰণ কৰে বিধায়ক গৰাকীয়ে।
কেৱল তিমানেই নহয় চৰিয়াই দাঁত ভাঙি দিম বুলিও কয় বিধায়ক শ্বেৰমান আলীয়ে।উল্লেখ্য যে, চেঙাৰ মাজৰচৰত এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰিবলৈ মঙ্গলবাৰে উপস্থিত হয় বিধায়ক গৰাকী আৰু তাতে দলংখন স্থাপনৰ ঠাই ক’ত হব সেই কথা সঠিককৈ কব নোৱাৰাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে পাছত দলংখনৰ শুভ উদ্বোধন কৰে বিধায়ক শ্বেৰমান আলীয়ে।