ডিব্ৰুগড় জিলা মহিলা সমিতিৰ
পৰিৱেশকৰ্মী-সাংবাদিক মুবিনা আখতাৰক
প্ৰদান ‘অনন্যা নাৰী অনন্য গ্ৰন্থ’ বঁটা
চাইন অন ডেস্ক:
ডিব্ৰুগড় জিলা সমিতিয়ে দুবছৰৰ মূৰে মূৰে প্ৰদান কৰি অহা ‘অনন্যা নাৰী অনন্য গ্ৰন্থ’ বঁটা এইবাৰ প্ৰদান কৰে বিশিষ্ট পৰিৱেশ কমী, সাংবাদিক মুবিনা আখতাৰক৷ পৰিৱেশ সুৰক্ষা তথা সমাজৰ বাবে কৰি অহা কাম-কাজ আৰু ‘অসমৰ বন্যপ্ৰাণী’ শীৰ্ষক গ্ৰন্থৰ বাবে তেওঁক প্ৰদান কৰা হয় এই বঁটা৷ এই বঁটাত আছে নগদ ধনসহ ফুলাম গামোচা, গ্ৰন্থৰ টোপোলা, শৰাই, এটি স্মাৰক আৰু সম্বৰ্ধনা পত্ৰ৷ সোমবাৰে চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলাত এই বঁটা গ্ৰহণ কৰি পাৰিৱেশ কৰ্মীগৰাকীয়ে কয় যে অবাধ বেদখলে প্ৰত্যেক দিনাই আমালৈ সংকট নমাই আনিছে৷ এনেবোৰ কাৰণে বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত বৃদ্ধি পাইছে বুলি উল্লেখ কৰি বিশিষ্ট প্ৰকৃতিপ্ৰেমী গৰাকীয়ে কয় যে চলিত বৰ্ষতে এইপৰ্যন্ত হাতী-মানুহৰ সংঘাতত ১০০ গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুওৱাৰ বিপৰীতে মানুহৰ প্ৰতিৰোধ-পৰায়ণতাৰ বাবে ৬০ টা হাতীৰ মৃত্যু হৈছে৷ সাধাৰণ যেন লাগিলেও ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী৷ জীৱ-জন্তুবোৰ নাথাকিলে, অৰণ্য নাথাকিলে কৃষিকাৰ্য সম্ভৱ নহ’ব৷ থলুৱা প্ৰজাতিৰ ফলমূল, বৃক্ষ, উদ্ভিদ আদি নাইকীয়া হৈ যাব৷ এই কথাবোৰ আমাৰ গাতেই লগা নাই৷ প্ৰকৃতি-পৰিবেশ সংৰক্ষণৰ যিটো ধাৰা সম্প্ৰতি অব্যাহত আছে তাত জনসাধাৰণৰ অধিক সহযোগিতাৰ প্ৰয়োজন আছে বুলিও তেওঁ উল্লেখ কৰে৷ বন্যপ্ৰাণী সংৰক্ষণ, প্ৰকৃতি সংৰক্ষণৰ বাবে চৰকাৰী নীতি-নিয়ম-আইন আছে যদিও ক’ৰবাত ক’ৰবাত সেইবোৰত কম্প্ৰমাইজ হয় বুলি অভিযোগ কৰি প্ৰকৃতিৰ ওপৰত চলা অবাধ ধবংসযজ্ঞৰ বাবে হোৱা বতৰৰ পৰিৱৰ্তন উষ্ণতা বৃদ্ধি তথা আনুসংগিক অন্যান্য কাৰণৰ বাবে আমাৰ আপুৰুগীয়া মুগাশিল্প ধবংসৰ গৰাহলৈ যোৱা বুলি উদ্বেগ প্ৰকাশ কৰে৷ ভাষণ প্ৰসংগত তেওঁ কয় যে এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত আমিও চৰকাৰলৈ লিখা-মেলা কৰাৰ ফলশ্ৰুতিত মুগা মিছন আৰম্ভ হৈছিল যদিও দুৰ্নীতিৰ গৰাহত পৰিল আৰু মুগা শিল্পটো ছিণ্ডিকেটৰ ভিতৰত সোমাই পৰিল৷ যাৰ বাবে সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতাৰ বাহিৰ হৈ গ’ল৷ চাহ, গঁড়ৰ কথা আমি কৈ থাকিলেই নহ’ব ব্ৰহ্মপুত্ৰ উপত্যকাৰ ঐতিহ্য মুগা শিল্পক ৰক্ষণাবেক্ষণৰ বাবে ঐক্যবদ্ধ উদ্যোগ গ্ৰহণ কৰাৰ আহ্বান জনাই ১১০ বছৰত ভৰি দিয়া ডিব্ৰুগড় জিলা মহিলা সমিতিয়ে সেৱাৰ মানসিকতাৰে যি আত্মোসৰ্গ কৰি আহিছে তাৰ শলাগ লৈ বিশিষ্ট লেখিকাগৰাকীয়ে লৈ আৰু কয় যে নাৰী মানেই প্ৰকৃতি৷ প্ৰকৃতিক লালন-পালন কৰাত নাৰী সমাজৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় জিলাৰ জীৱ-বৈচিত্ৰ্য সংৰক্ষণত মহিলা সমিতিক আগবাঢ়ি আহিবলৈ তেওঁ আহ৩ান জনায়৷ অনুষ্ঠানটিৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সাম্প্ৰতিক সময়ত শিশুৰ বাবে সমাজকৰ্মীৰ কৰণীয় শীৰ্ষক আলোচনা চক্ৰত ধেমাজিৰ বিশিষ্ট সমাজকৰ্মী-লেখিকা লাৱণ্য লাহন, বিশিষ্ট চিকিৎসা কেঞ্চাৰ গৱেষক, এএমচিএইছৰ পেথ’লজি বিভাগৰ সহযোগী অধ্যাপিকা ডাঃ গায়ত্ৰী গগৈয়ে নিৰ্দিষ্ট বক্তা আৰু বিশেষ অতিথিৰূপে অংশগ্ৰহণ কৰি শিশুৰ অধিকাৰ আৰু সুৰক্ষাৰ প্ৰসংগত বিভিন্ন দিশ আলোকপাত কৰি বাল্য বিবাহ প্ৰতিৰোধ আইন, শিশু শ্ৰমিক আইন, যৌন অপৰাধ আইন, প্ৰতিবন্ধী শিশুৰ সুৰক্ষা আইন, শিশুৰ শিক্ষাৰ অধিকাৰ, দণ্ডক আইন, গাৰ্হস্থ্য হিংসা প্ৰতিৰোধ আইনে প্ৰদান কৰা অধিকাৰ আৰু সুৰক্ষাৰ বিষয়ে উল্লেখ কৰে৷ অনুষ্ঠানটিত অসম চিকিৎসা মহাবিদ্যালয়ৰ পেথ’লজি বিভাগৰ অধ্যাপিকা ডাঃ মন্দিতা বৰগোহাঁয়ে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি আজিৰ শিশু কাইলৈ নাগৰিক হিচাপে গঢ়ি তুলিবলৈ আৰু তেওঁলোকক সুস্থ-সবল কৰি আত্মবিশ্বাসী কৰি তোলাত সকলোৰে ভূমিকা আছে বুলি বক্তব্যত উল্লেখ কৰে৷ সভাপতি দীপালি শইকীয়াই আদৰণি জনোৱা আৰু সভাপতিত্ব কৰা অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিক তথা পথ সুৰক্ষা কৰ্মী ৰতন হাজৰিকাই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি সাৰুৱা বক্তব্য আগবঢ়ায়৷ উক্ত অনুষ্ঠানতে অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক প্ৰবীৰ চক্ৰৱৰ্তীক সংবাদ ক্ষেত্ৰখনলৈ আগবঢ়াই অহা সেৱাৰ বাবে বিশেষ বঁটাৰে সন্মানিত কৰা হয়৷ এই বঁটাত আছে ফুলাম গামোচা, গ্ৰন্থৰ টোপোলা, শৰাই, এটি স্মাৰক আৰু সম্বৰ্ধনা পত্ৰ৷ অনুষ্ঠানত মহিলা সমিতিৰ শুভচিন্তক-পৰিবেশ কৰ্মী নকুল খাউণ্ড আৰু মেৰিণা গগৈকো উদ্যোক্তাসকলে সন্মান জ্ঞাপন কৰে৷ সংগঠনটোৰ হৈ ৰীতা গগৈয়ে আঁত ধৰা অনুষ্ঠানটো বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী ড॰ ভাৰতী দত্তই৷ অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে পদুম নগৰৰ সদস্যবৰ্গই পৰিৱেশন কৰা সমবেত সংগীত পৰিবেশনেৰে৷ অনুষ্ঠানত বিশিষ্ট লেখক ভৰত সন্দিকৈ, সুদক্ষিণা দাস, সংগঠনটোৰ সম্পাদক পুষ্পা দিহিঙীয়াকে ধৰি বিষয়ববীয়াসকল আৰু ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷