ডিব্ৰুগড় গ্ৰন্থমেলাত সাৰস্বত ন্যাসৰ অনুষ্ঠানত ৪ খন গ্ৰন্থ উন্মোচন
চাইন অন ডেস্ক:
চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলাত অধ্যাপক নগেন শইকীয়া সাৰস্বত ন্যাস পৰিষদৰ উদ্যোগত আৰু শ্ৰীশ্ৰী অনিৰূদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ সহযোগত প্ৰয়াত লাৱণ্য শইকীয়াৰ সোঁৱৰণত সোমবাৰে এক বৰ্ণিল অনুষ্ঠানৰ আয়োজন কৰা হয়৷ উক্ত অনুষ্ঠানত মুঠ চাৰিখন গ্ৰন্থ উন্মোচন কৰা হয়৷ ইয়াৰে প্ৰথিতযশা সাহিত্যিক ড॰ নগেন শইকীয়াৰ গ্ৰন্থ ‘সাহিত্য বাদবৈচিত্ৰ্য আৰু ভাৰতীয় সাহিত্যতত্ত্বৰ আভাস’ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে শ্ৰীশ্ৰী অনিৰূদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ হীৰেন্দ্ৰনাথ শৰ্মাই৷ ‘বিদেশত অকলে’ শীৰ্ষক প্ৰৱাসী অসমীয়া নিৰলা বৰুৱাৰ গ্ৰন্থখনি উন্মোচন কৰে সাহিত্যাচাৰ্য, কবি ড॰ কৰবী ডেকা হাজৰিকাই৷ প্ৰশাসনিক বিষয়া ড॰ বীৰেন্দ্ৰ কুমাৰ গোহাঁইৰ গ্ৰন্থ ‘মহাবীৰ লাচিত বৰফুকন’ আৰু ড॰ কৰবী ডেকা হাজৰিকাৰ গ্ৰন্থ ‘অকণিৰ নাটঘৰ’ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য ড॰ কন্দৰ্প কুমাৰ ডেকাই৷ অনুুষ্ঠানত উন্মোচক কেউগৰাকীৰ লগতে গ্ৰন্থকেইখনৰ প্ৰণেতা সকলেও নিজৰ অনুভৱ ব্যক্ত কৰে৷ আনহাতে অনুষ্ঠান উপলক্ষে আয়োজিত ‘অসমীয়া গীতি-সাহিত্যত নাৰী ভাৱনাৰ প্ৰতিফলন’ শীৰ্ষক বিষয়ক বক্তৃতা প্ৰদান কৰে সাহিত্যাচাৰ্য, কবি ড॰ কৰবী ডেকা হাজৰিকাই৷ বক্তৃতাটিৰ সংগীতাংশত সহযোগ কৰে শিল্পী ড॰ চুমি ফুকন, কৃষ্ণা পংকজা দত্ত, প্ৰণতি বৰা আৰু জয়শ্ৰী চাংকাকতিয়ে৷ অনুষ্ঠানত নগেন শইকীয়াৰ মিতভাষ পাঠ কৰে অপৰাজিতা শৰ্মাই৷ ন্যাসৰ সম্পাদক বীৰেন বৰুৱাই আঁতধৰা আৰু প্ৰচাৰ সম্পাদক ৰতন হাজৰিকাই শলাগ জ্ঞাপন কৰা অনুষ্ঠানত শ্ৰীশ্ৰী অনিৰূদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰে বিশ্ববিদ্যালয়খনৰ কাম-কাজ সম্পৰ্কে চমুকৈ আলোকপাত কৰি বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত সাহিত্যিক নগেন শইকীয়াই প্ৰেৰণ কৰা শুভেচ্চামূলক বক্তব্যৰ ভিডিঅ’ প্ৰদৰ্শন কৰা হয়৷ অনুষ্ঠানত চহৰখনৰ বহুসংখ্যক গণ্যমান্য ব্যক্তি আৰু সাহিত্যপ্ৰেমী উপস্থিত থাকে৷
Like this:
Like Loading...