...

নগাঁৱত “অভিজ্ঞান শকুন্তলম”ৰ অভিনেতা-অভিনেত্ৰী,পৰিচালক তথা কলা-কুশলীক সংস্কৃত মঞ্চৰ সম্বৰ্ধনা

Spread the love

 

নগাঁৱত “অভিজ্ঞান শকুন্তলম”ৰ অভিনেতা-অভিনেত্ৰী,পৰিচালক তথা কলা-কুশলীক সংস্কৃত মঞ্চৰ সম্বৰ্ধনা

নগাঁও:-

সংস্কৃত ভাষাৰ চৰ্চা আৰু প্ৰসাৰত মনোনিবেশ কৰি অহা নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱে আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শেহতীয়াকৈ সংস্কৃত ভাষাত মঞ্চস্থ হোৱা মহাকবি কালিদাস বিৰচিত “অভিজ্ঞান শকুন্তলম” নামৰ নাটখনে দৰ্শকৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয়। বিশেষকৈ সদৌ অসম দেৱদামোদৰ সংঘৰ সহযোগত নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ উদ্যোগত সংস্কৃত ভাষাত মঞ্চস্থ কৰা “অভিজ্ঞান শকুন্তলম” নাটখন উপভোগ কৰি বিশিষ্ট নৃত্যশিল্পী পদ্মভূষণ যতীন্দ্ৰ নাথ গোস্বামী,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০‌ সূৰ্য হাজৰিকা, দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰী অধ্যাপক ড০ ৰবীন্দ্ৰ নাথ দেৱ শৰ্মা,দেৱ দামোদৰ সংঘৰ সভাপতি ৰামচৰণ ভৰালী,প্ৰধান সম্পাদক মনোৰঞ্জন গোস্বামী,প্ৰকাশন সচিব নৃপেন কুমাৰ ভাগৱতীৰ দৰে বৰেণ্য ব্যক্তি সকলে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ এনে পদক্ষেপৰ শলাগ লয়। আনহাতে, ৰবিবাৰে নগাঁও চহৰস্থিত নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ কাৰ্যালয়ত আয়োজিত এখন সভাত প্ৰাক্তন মন্ত্রী তথা শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাই সংস্কৃত ভাষাত “অভিজ্ঞান শকুন্তলম” নাট মঞ্চায়নেৰে নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চই সংস্কৃত ভাষাৰ বিকাশত এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰে। বৰুৱাই নাটখনৰ পৰিচালক,শিল্পী তথা কলা কুশলীক তেওঁলোকৰ উন্নত প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে। নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ সভাপতি সত্য প্রসাদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত “অভিজ্ঞান শকুন্তলম” নাটখন মঞ্চস্থ কৰা অভিনেতা- অভিনেত্ৰী,পৰিচালক তথা কলা-কুশলীসকলক মঞ্চৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মঞ্চৰ সম্পাদক ড০ ধৰ্মেশ্বৰ গোস্বামীয়ে আঁত ধৰা এই অনুষ্ঠানত গুণ শইকীয়া, ড০ দ্বিজেন শৰ্মা,ৰাজেন ফুকন প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে,নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক গুণ শইকীয়াই সম্পাদনা আৰু অভিযোজনা কৰা “অভিজ্ঞান শকুন্তলম” নাটখনি পৰিচালক ৰাজেন ফুকন আৰু সহ পৰিচালক ড০ দ্বিজেন শৰ্মাৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *