...

ইণ্ডিগ’ৰ বিমান বাতিলে লাভাৱাম্বিত কৰিছে ৰে’লৱেক

Spread the love

 

ইণ্ডিগ’ৰ বিমান বাতিলে লাভাৱাম্বিত কৰিছে ৰে’লৱেক

 

৩৭ খন ৰে’লত অতিৰিক্ত ১১৪ টা দবা সংযোজন
দেশত ব্যাপক বিমান বাতিলৰ ফলত ৰে’ল যাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে

 

নতুন দিল্লী :

শেহতীয়াকৈ ভাৰতৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ৰ অচলাৱস্থাৰ বাবে শ শ বিমান বাতিল হৈছে । এনে পৰিস্থিতিত ৰে’ল যাত্ৰীৰ চাহিদা বৃদ্ধি পাইছে । ৰে’ল ষ্টেচনসমূহত যাত্ৰীৰ ব্যাপক ভিৰ দেখা গৈছে । এই সুযোগ গ্ৰহণ কৰি ভাৰতীয় ৰে’লৱেই ১১৬ টা অতিৰিক্ত দবাৰ সৈতে মুঠ ৩৭ খন ৰে’লৰ ক্ষমতা বৃদ্ধি কৰিছে । যিয়ে সমগ্ৰ দেশতে ১১৪ তকৈও অধিক বৰ্ধিত ভ্ৰমণ পৰিচালনা কৰিছে । ৰে’ল মন্ত্ৰালয়ৰ তথ্য অনুসৰি সমগ্ৰ নেটৱৰ্কত মসৃণ যাতায়ত আৰু যাত্ৰীৰ সুবিধাৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰাৰ বাবে এক ব্যাপক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

অতিৰিক্ত দবা সংযোজনৰ ক্ষেত্ৰত শীৰ্ষত আছে দক্ষিণ ৰে’লৱেই (এছ আৰ)। দক্ষিণ ৰে’লৱেই ১৮ খন ৰে’লৰ ক্ষমতা বৃদ্ধি কৰিছে । উচ্চ চাহিদা থকা এই পথত অতিৰিক্ত চেয়াৰ কাৰ আৰু স্লিপাৰ ক্লাছৰ দবা অন্তৰ্ভুক্ত কৰা হৈছে । ৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱা এই বৃদ্ধিয়ে দক্ষিণ অঞ্চলত যাত্ৰাৰ ক্ষমতা যথেষ্ট বৃদ্ধি কৰে বুলি ৰে’লৱে কৰ্তৃপক্ষই জনাইছে ।

ইয়াৰ পিছতে উত্তৰ ৰে’লৱেই (এন আৰ) ৮ খন ৰে’লত ৩ এ চি আৰু চেয়াৰ কাৰ দবা সংযোজন কৰিছে । শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱা এই ব্যৱস্থাই উত্তৰ কৰিডৰত যাত্ৰীৰ চাহিদা পূৰণত সহায় কৰে বুলি মন্ত্ৰালয়ে জনাইছ ।

পশ্চিম ৰে’লৱেই (ডব্লিউ আৰ) ৩ এ চি আৰু ২এ চি দবা সংযোজন কৰি ৪ খন ৰে’লৰ ক্ষমতা বৃদ্ধি কৰিছে । অতিৰিক্ত দবাৰে ৰে’লৰ পৰিচালনা ৬ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হৈছে । এই বৃদ্ধিৰ ফলত পশ্চিম অঞ্চলৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীলৈ যাত্ৰীৰ চলাচল সুচল কৰা হৈছে বুলি মন্ত্ৰালয়ে জনাইছে । পূব মধ্য ৰে’লৱেই (ই চি আৰ) ৬ৰ পৰা ১০ ডিচেম্বৰৰ ভিতৰত ৫ টা ট্ৰিপত অতিৰিক্ত ২ এ চি দবাৰে ৰাজেন্দ্ৰ নগৰ–নতুন দিল্লী (১২৩০৯) ৰে’লখনৰ সেৱা শক্তিশালী কৰি এই গুৰুত্বপূৰ্ণ বিহাৰ–দিল্লী খণ্ডত বৰ্ধিত ক্ষমতা প্ৰদান কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *