...

ধুবুৰীত উন্নয়নৰ জীয়া ছবি স্বাধীনতাৰ ৭৯ বছৰ পিছতো কুন্তীৰ চৰৰ দৃশ্য

Spread the love

 

ধুবুৰীত উন্নয়নৰ জীয়া ছবি

 

স্বাধীনতাৰ ৭৯ বছৰ পিছতো কুন্তীৰ চৰৰ দৃশ্য
শ-শ পঢুৱৈৰ ধুবুৰীলৈ অহাৰ একমাত্ৰ সাৰথি টুলুঙা নাওঁ

 

ধুবুৰী:

স্বাধীনতাৰ ৭৯ বছৰ পাৰ হ’ল। কিন্তু আজিও ধুবুৰী জিলাৰ সদৰ ধুবুৰীলৈ দৈনন্দিন যাতায়াতৰ সাৰথি বুলিলে টুলুঙা নাওঁ এখন। সেই টুলুঙা নাওঁৰেই শীত,ৰ’দ, বৰষুণ কাতি কৰি আহে ধুবুৰীৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত কণ-কণ ছাত্ৰ-ছাত্ৰীকে ধৰি বিভিন্ন কলেজ পঢ়ুৱৈ সকল। বিদ্যালয়-মহাবিদ্যালয় খুলা থকা দিনত এইদৰে প্ৰতিদিন পুৱা ধুবুৰীলৈ অহা শ-শ পঢ়ুৱৈ বিয়লি ছুটিৰ পিছত সেই নাওঁখনেৰেই উভতি যায় নিজ নিজ গৃহলৈ। কেৱল ছাত্ৰ-ছাত্ৰ নহয়, বৃহত্তৰ সেই অঞ্চলটোৰ বহু লোকৰ চিকিৎসা সেৱা, চৰকাৰী কাম অথবা ব্যক্তিগত কাম; ধুবুৰীলৈ আহিবলৈ যাতায়াত কৰাৰ নাই কোনো বিকল্প ব্যৱস্থা; অহা-যোৱা কৰিবলৈ আছে টুলুঙা নাওঁখনেই। কেবল কুন্তিৰ চৰেই নহয়; ধুবুৰীৰ পাৰ্শ্বৱৰ্তী আন কেইবাটাও চৰাঞ্চলৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সৰ্ব-সাধাৰণেও ধুবুৰীলৈ অহা-যোৱা কৰে নাওঁৰেই। দিনেই হোক, বা নিশা; অকস্মাৎ গৰ্ভৱতী মহিলা অথবা গুৰুতৰ অসুস্থ লোকক চিকিৎসাৰ বাবে ধুবুৰীলৈ আনিবলৈ হ’লে নাওঁৰ বাহিৰে অইন ব্যৱস্থা কিন্তু একো নাই। পিছে, নিৰ্বাচন আহিলেই দেখা যায় বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ চৰাঞ্চলবোৰৰ হাজাৰ হাজাৰ ভোটাৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়া, উন্নয়নৰ জোৱাৰ অনাৰ; চেষ্টা চলায় বিভিন্ন ছলাহী কথাৰে চৰাঞ্চলৰ সংখ্যালঘু ভোটাৰ ৰাইজৰ মন জয় কৰাৰ। পিছে, নিৰ্বাচনী ফলাফল পিছত বিজয়ী হোৱাৰ পিছত ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ ফুটুকাৰ ফেনত পৰিণত হয়। পুনৰ যেতিয়া নিৰ্বাচন আহে, পূৰ্বৰ দৰেই পুনৰ ভূয়া প্ৰতিশ্ৰুতিৰ বন্যা বয়। এইদৰেই স্বাধীনতাৰ পিছৰ পৰাই চলি অহা একেটা ঘটনাৰে পুনৰাবৃত্তি
তথা উন্নয়নৰ ঠাইত স্থানীয় বিধায়ক, সাংসদৰ গৰিষ্ঠ সংখ্যেকে ৰাজনৈতিক মুনাফাক অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰাক্-স্বাধীনোতৰৰ যুগৰ সমৃদ্ধিশালী ইতিহাসেৰে সমৃদ্ধ ধুবুৰীৰ ক্ৰমশঃ নিম্নগামী যাত্ৰা আৰম্ভ হোৱা বুলিও কিন্তু ভিতৰি ভিতৰি এক ক্ষোভৰ স্ৰোত আছে ধুবুৰীত। ক্ষোভ আছে ধুবুৰীৰ পূৰ্বৰ সাংসদ বদৰুদ্দিন আজমলকে ধৰি বৰ্তমানৰ সাংসদ ৰকিবুলি হুছেইনে দিয়া বহু নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা নকৰা বুলিও। আনকি, অনুৰূপ অভিযোগ আছে ধুবুৰী আৰু দক্ষিণ শালমাৰা (সমষ্টি নিৰ্ধাৰণৰ পিছত বৰ্তমানে জৰুৱা-বন্দীহানা) বিধানসভা সমষ্টিৰ পৰা বিজয়ী হোৱা প্ৰাক্তন আৰু বৰ্তমানৰ কেইবাগৰাকী বিধায়কৰ বিৰূদ্ধেও। পিছে, ৰাজ্যৰ ২৬-ৰ বিধানসভা নিৰ্বাচন সমাগত; পুনৰ প্ৰতিশ্ৰুতিৰ টোপোলা লৈ সমষ্টিয়ে সমষ্টিয়ে উপস্থিত হ’বলৈ সাজু ৰাজনৈতিক দলৰ প্ৰাৰ্থী তথা পূৰ্বৰ বিজয়ী অৰু বিজিত সকলোও। কিন্তু, বাস্তবতা হ’ল স্বাধীনতাৰ ৭৯ বছৰ পিছতো ধুবুৰী আৰু বৃহত্তৰ কুন্তিৰ চৰৰ মাজৰ যোগাযোগ ব্যৱস্থা বুলিলে কিন্তু এখন সৰু টুলুঙা নাওঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *