ধুবুৰীত সমাজ কল্যাণ বিষয়াৰ নিযুক্তি পৰীক্ষাত অনিয়ম
পৰীক্ষা শেষ হোৱাৰ ৫ মিনিট পূৰ্বে পৰীক্ষাৰ্থীক পৰীক্ষাত বহাৰ সুযোগ!
ধুবুৰী:
ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে সম্পূর্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে বিভিন্ন চৰকাৰী বিভাগত চাকৰি প্ৰদান কৰি থকাৰ সময়ত কিন্তু ধুবুৰীত সমাজ কল্যাণ বিষয়াৰ কাৰ্য্যালয়ৰ এক নিযুক্তি পৰীক্ষাত চৰম অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হোৱা পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, যোৱাকালি ধুবুৰীৰ চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলাখন সমাজ কল্যাণ বিভাগৰ শক্তি
সাধন আঁচনিৰ অধীনত কাৰ্য্যালয় সহায়িকা পদৰ বাবে এক অনুষ্ঠিত হৈছিল এক লিখিত পৰীক্ষা। কেৱল মহিলাৰ বাবে সংৰক্ষিত কাৰ্য্যালয় সহায়িকাৰ এটা
পদৰ বাবে জিলা দণ্ডাধীশ পৰ্য্যায়ৰ শীৰ্ষ প্ৰশাসনিক বিষয়া আৰু জিলা সমাজ কল্যাণ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা সেই লিখিত পৰীক্ষাত প্ৰথমাৱস্থাত ৯ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। কিন্তু পৰীক্ষাটোৰ সমাপন হোৱাৰ আনুমানিক ৫ মিনিট মান পৰীক্ষা কেন্দ্ৰটোলৈ অহা এগৰাকী পৰীক্ষাৰ্থীক পৰীক্ষাত বহিবলৈ সুযোগ প্ৰদান কৰা হয়। সম্পূৰ্ণ নিয়ম বহিৰ্ভূত এই ঘটনাক লৈ লগালগ জাঙুৰ খাই উঠে পূৰ্বৰে পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীকে ধৰি তেওঁলোকৰ অভিভাবক সকলে। একাংশ পৰীক্ষাৰ্থী আৰু একাংশ অভিভাৱকৰ তীব্র বিৰোধিতাৰ সন্মুখত কাৰ্যতঃ বিব্ৰত হৈ পৰে উপস্থিত দুই প্ৰশাসনিক বিষয়াদ্বয়ে আৰু পিছত পৰীক্ষা সম্পূৰ্ণ হোৱাৰ আগে আগে আহি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়া পৰীক্ষাৰ্থী গৰাকীক অযোগ্য বুলি ঘোষণা কৰে। এই ঘটনাই পৰীক্ষা কেন্দ্ৰটোত উপস্থিত থকা সেই দুগৰাকী প্ৰশাসনিক বিষয়াৰ বিৰূদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্থানীয় বিভিন্ন মহলত আৰু ঘটনাটোৰ এক উচ্চস্তৰীয় তদন্তৰ পোষকতা কৰিছে।