...

নগাঁৱৰ ডুমডুমীয়াৰ “মাৰ্কাজ একাডেমী”ৰ বিদ্যালয়ৰ শিক্ষক ৰিজাবুল ইছলামৰ মৃত্যু

Spread the love

নগাঁৱৰ ডুমডুমীয়াৰ “মাৰ্কাজ একাডেমী”ৰ বিদ্যালয়ৰ শিক্ষক ৰিজাবুল ইছলামৰ মৃত্যু

নগাঁও,

নগাঁও জিলাৰ ডুমডুমীয়াৰ “মাৰ্কাজ একাডেমী” নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক ৰিজাবুল ইছলামৰ আজি পুৱতি নিশা মৃত্যু হয়।
উল্লেখ্য যে শিক্ষক ৰিজাবুল ইছলাম যোৱা ১৬ নৱেম্বৰত কৰ্মস্থলীৰ পৰা গৃহলৈ উভতাৰ সময়ত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। স্থানীয় ৰাইজে লগে লগে তেওঁক নগাঁৱৰ চিকিৎসালয়লৈ নিছিল যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল। অৱশেষত আজি চিকিৎসাধীন অৱস্থাতে যুৱকজনে শেষ নিশ্বাস ত্যাগ কৰে। উচ্চ শিক্ষিত,সৰল মনৰ তথা অমায়িক যুৱক জেঙনী গাঁও নিৱাসী শিক্ষক ৰিজাবুল ইছলামৰ অকাল মৃত্যুত অঞ্চলত শোকৰ ছাঁ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *