...

ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰক লৈ ব্যৱসায় জিলা প্ৰশাসনৰ

Spread the love

 

 

ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰক লৈ ব্যৱসায় জিলা প্ৰশাসনৰ

 

খেলুৱৈৰ প্ৰতি নাই গুৰুত্ব ব্যাপক প্ৰতিক্ৰিয়া

 

চাইন অন ডেস্ক:

ঐতিহাসিক ডিব্ৰুগড় মহানগৰৰ হৃদপিণ্ডস্বৰূপ চৌকিডিঙী খেলপথাৰখন শেহতীয়াকৈ ক্ৰীড়াপ্ৰেমী সকলৰ ক্ৰীড়া ক্ষেত্ৰত ব্যৱহৃত হোৱাৰ পৰিৱৰ্তে ডিব্ৰুগড় জিলা প্ৰশাসনৰ ব্যৱসায়স্থলীলৈ পৰ্যবসিত হোৱাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মহানগৰৰ মাজমজিয়াত অৱস্থিত খেলপথাৰখনত পুৱা-গধুলি মহানগৰৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন খেলৰ সৈতে জড়িত লোক সকলে নিজৰ নিজৰ অনুশীলন অব্যাহত ৰাখে যদিও কিছু বছৰৰ পৰা খেলপথাৰ খনৰ এটা অংশ বিভিন্ন বাণিজ্য মেলাৰ বাবে প্ৰদান কৰি জিলা প্ৰশাসনে মোটা অংকৰ ধন সংগ্ৰহ কৰে। কিন্তু এই মোটা অংকৰ ধন ৰাখি জিলা প্ৰশাসনে ক’ত, কেনেধৰণে ব্যয় কৰে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলৰ মাজত। উল্লেখ্যযোগ্য যে, ডিব্ৰুগড় শৈক্ষিক তথা বৌদ্ধিক ক্ষেত্ৰৰ প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড় গ্ৰন্থমেলা ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত কৰা ক্ষেত্ৰত কাৰো দ্বিমত নাই। তেনেদৰে কেতিয়াবা কোনো সংগঠনৰ এদিনীয়া বা দুদিনীয়া কাৰ্যসূচীৰ ক্ষেত্ৰতো কাৰো কেতিয়াও দ্বিমত নাই। কিন্তু প্ৰায় ১০ দিনৰ পৰা ২০ দিন পৰ্যন্ত ব্যৱসায়িক তথা বাণিজ্য মেলাৰ বাবে খেলপথাৰখনৰ এটা অংশ আবদ্ধ কৰি মোটা অংকৰ ধন সংগ্ৰহ কৰি জিলা প্ৰশাসনে খেলুৱৈ সকলক বন্ধকত ৰাখি ব্যৱসায়ত মনোনিৱেশ কৰা কাৰ্য কোনো কাৰণতে মানি ল’ব পৰা নাই সচেতন মহলে। জানিব পৰা মতে দৈনিক দহ হেজাৰ টকাকৈ বাণিজ্য মেলা সমূহৰ পৰা ধন সংগ্ৰহ কৰে জিলা প্ৰশাসনে। তদুপৰি চাফ-চিকুণতাৰ বাবে সংগ্ৰহ কৰে পাঁচ হাজাৰ টকাকৈ। কিন্তু বাণিজ্যিক মেলা তথা এক্সপ’ হোৱাৰ পৰৱৰ্তী সময়ত প্ৰায় এমাহ পৰ্যন্ত খেলপথাৰৰ উক্ত অংশত খেলুৱৈ অনুশীলন কৰাৰ ক্ষেত্ৰত কোনো সম্ভৱ নহয়। খেলপথাৰত গাঁতৰ সৃষ্টি কৰা লগতে বিভিন্ন সামগ্ৰী পেলাই খেলৰ অনুপযোগী কৰি পেলাই খেলপথাৰখন। শেহতীয়াকৈ বহু অনুনয়-বিনয়ৰ জৰিয়তে ডিব্ৰুগড় গেছ ক্ৰেকাৰ প্ৰকল্পৰ জৰিয়তে খেলপথাৰখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কিছু ধন অহাৰ পাছত খেলপথাৰখনৰ উন্নয়ন কৰা হৈছিল। তদুপৰি খেলুৱৈ সকলক অগ্ৰাধিকাৰ দিয়া বাবেই চৌকিডিঙ্গী খেলপথাৰত গণৰাজ্য বা স্বাধীনতা দিৱসৰ উত্তোলনৰ কাৰ্যসূচী খনিকৰ খেলপথাৰলৈ স্থানান্তৰিত কৰা হৈছিল। কিন্তু জিলা প্ৰশাসনে একমাত্ৰ কিছু টকাৰ বাবেই খেলুৱৈ সকলক বন্ধকত থৈ খেলপথাৰ খনৰ এটা অংশ মোটা অংকৰ বিনিময়ত বাণিজ্যিক মেলা অনুষ্ঠিত কৰা বাবে প্ৰস্তুত হয়। যাকে লৈ এতিয়া জিলাখনৰ খেলুৱৈ তথা ক্ৰীড়া সংগঠক সমুহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে ডিব্ৰুগড় পৌৰনিগমৰ উপ-মেয়ৰ তথা যুৱনেতা উজ্জ্বল ফুকনৰ প্ৰচেষ্টাত চৌকিডিঙ্গী খেলপথাৰৰ মূল অংশত পুনৰ প্ৰাণ পাই উঠিছে। কিন্তু খেলপথাৰৰ কাষৰ এটা অংশত ব্যৱসায়স্থলী হিচাপে ব্যৱহাৰ কৰাৰ ফলত খেলুৱৈসকলে ব্যাপক অসুবিধাৰ সন্মুখীন হৈ আহিছে। আনহাতে খেলপথাৰৰ যিটো শৌচাগাৰ আছে, সেইটো বিভিন্ন বাণিজ্যিক মেলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ব্যৱসায়ী সকলে ব্যৱহাৰ কৰি বৰ্তমান একেবাৰে ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে। যাৰবাবে খেলুৱৈ সকলে অনুশীলন কৰা সময়ত প্ৰেছাৱ বা পায়খানা বাবে ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে।যাৰ বাবে ডিব্ৰুগড় বাসীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত চৌকিডিঙ্গী খেলপথাৰ খেলা-ধুলাৰ উপযোগীকৈ আন্তঃগাঁথনি উন্নয়নৰ বাবে সকলোৱে দাবী জনোৱাৰ লগতে বিভিন্ন বাণিজ্যিক মেলাৰ জৰিয়তে ব্যৱসায় কৰি খেলপথাৰ খন অনিষ্ট নকৰিবলৈ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *