...

ইশ্বৰ কৃষ্ণৰ মহান উপলব্ধি” শীৰ্ষক গ্ৰন্থ উন্মোচন

Spread the love

ইশ্বৰ কৃষ্ণৰ মহান উপলব্ধি” শীৰ্ষক গ্ৰন্থ উন্মোচন


চাইন অন ডেস্ক:

ডিব্ৰুগড় বৈৰাগীমঠত অৱস্হিত নৱৰূপা সংঘৰ ৰাজহুৱা ভৱন প্ৰাঙ্গণত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডিব্ৰুগড়ৰ বৈৰাগীমঠ নিবাসী ভাৰতীয় ডাক-তাঁৰ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া বিশিষ্ট লেখক, সমাজকৰ্মী, নামাচাৰ্য ক্ষীৰোদ ফুকনৰ দ্বাৰা ৰচিত “ইশ্বৰ কৃষ্ণৰ মহান উপলব্ধি” শীৰ্ষক এখনি গ্ৰন্থ “কৃঞ্চালয়“ৰ সৌজন্যত উন্মোচন কৰা হয়৷ গ্ৰন্থখন উন্মোচন কৰে বৈৰাগীমঠৰ বয়োজ্যেষ্ঠ ধৰ্মপ্ৰাণ ব্যক্তি তথা নিজ বৈৰাগীমঠ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ভোগেশ্বৰ দাস আৰু নৱৰূপা সংঘৰ সম্পাদক শ্ৰীমন্ত বৰদলৈয়ে৷ বৈৰাগীমঠৰ সামাজিক আৰু সাহিত্যিক পথাৰখনৰ এক পৰিচিত নাম ক্ষীৰোদ ফুকনে
আধ্যাত্মিক চিন্তা-চৰ্চাৰে প্ৰকাশ পোৱা তেখেতৰ সাহিত্যকৃৰ্তিয়ে তেখেতৰ অভিজ্ঞতালব্ধ জীৱনৰ বহু গুৰুত্বপূৰ্ণ দিশক এক পৈণত সৰলতাৰে প্ৰকাশ কৰিছে৷ তেখেতৰ দ্বাৰা সৃষ্টি হোৱা অন্যান্য গ্ৰন্থসমূহৰ ভিতৰত “মোৰ জীৱনৰ দীঘ আৰু বাণি”, “বিচিত্ৰ চিন্তাৰ পৰিক্ৰমা“, “দুবৰিৰ মুকুতা“, “প্ৰকৃতি আৰু প্ৰেম“ , “বদৰিকাশ্ৰম”,” মৰমৰ আইদেউ আৰু গোহাঁইদেউ“ “শিশু কালেই আদি সত্যযুগ” আদি কেইবাখনো গ্ৰন্থ ইতিমধ্যে পাঠকৰ দ্বাৰা সমাদৃত হৈছে।নৱৰূপা সংঘৰ সম্পাদক শ্ৰীমন্ত বৰদলৈয়ে কয় যে, মানুহৰ ব্যক্তিত্ব আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত পুথিভঁৰালৰ গুৰুত্ব আছে এই কথা উপলব্ধি কৰি ক্ষীৰোদ ফুকনে নিজৰ লিখিত গ্ৰন্থসমূহ পুথিভঁৰালত সময়ে সময়ে দান দি আহিছে ৷ ডিব্ৰুগড়ৰ বৈৰাগীমঠত অৱস্থিত নৱৰূপা সংঘৰ পুথিভঁৰাললৈও তেঁও লিখা ৬৯ খন বিভিন্ন গ্ৰন্থ দান দি মহানুভৱতাৰ পৰিচয় দি নৱপ্ৰজন্মৰ মাজত এক সাহিত্য আৰু বৌদ্ধিক চৰ্চাৰ পৰিবেশ সৃষ্টি কৰাত উল্লেখযোগ্য বৰঙনি আগবঢ়াইছে বুলি কয়। অনুষ্ঠানত বৈৰাগী অঞ্চলৰ বহু গণ্য মাণ্য ব্যক্তি উপস্থিত থাকে

Leave a Reply

Your email address will not be published. Required fields are marked *